নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫৩১ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৫৩১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰৰ দিনটোত ৰাজ্যত ৪৪৯৪৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩২৬৬গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৭০০জন কামৰূপ মেট্ৰ, ২৩৩জন গোলাঘাট, ১৮৯জন কাছাৰ আৰু ১৮৯জন যোৰহাটৰ।আক্ৰান্তৰ হাৰ ৭.২৬ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৯০৪০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৩২৭৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৮৫৪৫৮ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৩০৬গৰাকীলৈ বৃদ্ধি পালে।












