ষ্টাফ ৰিপ’ৰ্টাৰ:
সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনলক ৪.০ৰ গাইড লাইন। নতুন গাইড লাইন অনুসৰি সমগ্ৰ দেশতে বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে। ১ ছেপ্টেম্বৰৰ পৰা বলৱত্ হ’ব নতুন গাইড লাইন।
কিন্তু অসমৰ ক্ষেত্ৰত মঙলবাৰৰ পৰাই প্ৰযোজ্য হ’ব নে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন গাইড লাইন। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জৰি কৰিছে এখন বিশেষ জাননী। মুখ্য সচিবগৰাকীৰ মতে, শিথিলতা প্ৰদানৰ পূৰ্বে পৰ্যালোচনাৰ প্ৰয়োজন আছে।
চৰকাৰে এতিয়া পৰ্যালোচনা কৰি আছে। এই ক্ষেত্ৰত অহা ৪ ছেপ্টেম্বৰতহে সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে। গতিকে অসমত ৪ ছেপ্টেম্বৰলৈকে বাহাল থাকিব পূৰ্বতে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আনল’ক ৩.০ৰ গাইড লাইন।
উল্লেখযোগ্য যে যোৱা ১৩ আগষ্টত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল আন ল’ক ৩.০ গাইড লাইন। অহা ৪ ছেপ্টেম্বৰৰ পিছৰ পৰাহে আনলকৰ সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত ল’ব ৰাজ্য চৰকাৰে।












