নিউজ ডেস্কঃ
পুনৰ অসমত ১০ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। আজিৰ মৃত্যুৰ তালিকা মুঠ পাঁচজনকৈ ব্যক্তিয়ে হৈছে ডিব্ৰুগড় চহৰৰ। প্ৰাণ হেৰুৱা দহজন হৈছে ক্ৰমে গেপেশ্বৰ সেনাপতি, বিধান পাল, দিলীপ কুমাৰ ভট্টাচাৰ্য্য, গপিলাল সাহা আৰু দিৱেশ মূখাৰ্জী ডিব্ৰুগড়ৰ পৰা।
আনহাতে সৰুমণি জয়শ্ৰী তিনিচুকীয়াৰ পৰা, খগেন চন্দ্ৰ কলিতা, ফুলজান বেগম আৰু টুটুমণি দেৱনাথ কামৰূপ মেট্ৰোৰ পৰা; ৰহিম খান শিৱসাগৰৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৩০৬ জন।












