নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৪৪০ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৪৪০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ্য যে অসমত ১০ ৰোগীৰ ভিতৰত ৮গৰাকীয়েই সুস্থ হৈ ঘৰলৈ উভতি গৈছে ৷
আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যত ৩৬৮৩৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪২৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৫৯ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৭৭গৰাকী ডিব্ৰুগড়ৰ, ১৩৬গৰাকী যোৰহাটৰ, ১৫৮ গৰাকী কাছাৰৰ ।আক্ৰান্তৰ হাৰ ৬.৫৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৩৭৯৪ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২০৯৯২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৮২,৫১০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৮৯ গৰাকীলৈ বৃদ্ধি পালে।












