নিউজ ডেক্স:
পহিলা ছেপ্টেম্বৰ পৰা শিক্ষক- শিক্ষয়ত্ৰী, অধ্যাপক-অধ্যাপিকা শিক্ষানুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক। ১৫ ছেপ্টেম্বৰ পৰা অনানুষ্ঠানিক শ্রেণী আৰম্ভ কৰিব দ্বাদশ আৰু স্নাতকতৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ।সংবাদমেল জৰিয়তে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
জনতা ভৱনত সম্বোধন কৰা সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয়- জপনা খুলি পূৰ্বৰ দৰে আৰম্ভ নহয় ক্লাছ, পৰীক্ষামূলক ভাৱে বাৰ্তালাপ পাঠদান ৩০ ছেপ্টেম্বৰ লৈকে চলিব।এজন শিক্ষকে ৪-৫ জন ছাত্ৰ-ছাত্ৰী লৈ আলোচনা কৰিব বিষয়সমূহ।
আনহাতে এই পৰীক্ষামূলক ক্লাছত কোনো ছাত্ৰ-ছাত্ৰী কভি’ড আক্রান্ত হয় তেন্তে তাৎক্ষণিক ভাৱে অধ্যক্ষ গৰাকীয়ে বন্ধ কৰিব দিব পাঠদান।
গুৰুত্বপূৰ্ণ কথা এই যে পহিলা ছেপ্টেম্বত শিক্ষক- শিক্ষয়ত্ৰী সকলে কৰ্মত যোগদান কৰি ১৫ ছেপ্টেম্বৰলৈ বিদ্যালয় চেনিটাইজ কৰা লগতে কোঠালি সমূহ নতুনকৈ সজাবলৈ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষামন্ত্ৰী গৰাকীয়ে।
ইফাল প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সকলক মধ্যাহ্ন ভোজন সংগ্ৰহ কৰিবলৈ আহোঁতে ১৫ ছেপ্টেম্বৰ পৰা এখনকৈ প্ৰশ্ন কাকত দিব।পিছৰ সপ্তাহত আকৌ মধ্যাহ্নৰ ভোজন নিবলৈ আহোঁতে সেই হোমৱক ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে কৰি আনি শিক্ষকক জমা দিব।শিক্ষক জনে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ উপস্থিতিত বহীখন মূল্যাকন কৰিব- শৰ্মাই কয়।
ইয়াৰ উপৰিও নৱম, দশম আৰু একাদশ শ্ৰেণী ক্লাছসমূহ শিক্ষক- শিক্ষয়ত্ৰী সকলে বিদ্যালয়ৰ পৰা অনলাইনত কৰিব লাগিব।উক্ত শ্রেণী ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়লৈ অহা প্ৰয়োজন নাই বুলি শৰ্মাই উল্লেখ কৰি কয় – ৩০ ছেপ্টেম্বৰলৈ গৰ্ভৱতী শিক্ষয়ত্ৰীয়ে লাভ কৰিব সকাহ।বিদ্যালয়-মহাবিদ্যালয় অধ্যক্ষ গৰাকীয়ে যদি গৰ্ভৱতী মহিলা কৰ্মচাৰী সকলক ৰেহাই দিয়ে তেতিয়া তেওঁ নাহিলেও হ’ব কিন্তু অক্টোবৰৰ পৰা তেওঁ অহাটো বাধ্যতামূলক”।
কোৱাৰেণ্টাইন চেণ্টাৰ থকা বিদ্যালয় সমূহত শিক্ষক-শিক্ষয়ত্ৰী যাব নালাগে।উপায়ুক্তই যদি তেওঁ লোকক অন্য কামত নিয়োগ কৰে তেন্তে তেওঁলোক সেই কাম কৰিব- শৰ্মাই লগতে কয়।












