ষ্টাফ ৰিপ’ৰ্টাৰ:
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক পোৱা শিক্ষাৰ্থীসকলে এইবাৰ আনন্দৰাম বৰুৱা বটাঁত লেপটপৰ সলনি লাভ কৰিব নগদ ২০হাজাৰ টকা।
ৰাজ্যৰ মুঠ ১৬৯৪৪গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই পুৰস্কাৰ। ১২ছেপ্তেম্বৰৰ দিনা এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হব এই বটাঁ। ক’ৰোন মহামাৰীৰ বাবে এইবাৰ লেপটপ প্ৰদান কৰিব নোৱাৰাৰ কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰোনা বাবে লেপটপৰ পৰিৱৰ্তে শিক্ষা বিভাগে এইবাৰ প্ৰদান কৰিব নগদ ধন।ইতিমধ্যে আৱেদন কৰা শিক্ষাথী সকলৰ বেংক একাউন্টত দিয়া হ’ব ধন।












