নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৭৬৩ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৭৬৩ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে আজি এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যত ৪০১০২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫৬০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৬২জন কামৰূপ মেট্ৰ, ১৬৭জন যোৰহাট, ১৬৫জন কাছাৰ, ১৩৯জন ডিব্ৰুগড় আৰু ১৩৫জন হাইলাকান্দিৰ। আক্ৰান্তৰ হাৰ ৬.৩৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০১৩৬৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২০০০৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৮১,০৭০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৮৬ গৰাকীলৈ বৃদ্ধি পালে।












