উষ্ণ আৰু আর্দ্র জলবায়ুত প্রতি বছৰেই এই সময়টোত বীজাণুৰ অতি সক্রিয়তাৰ কাৰণে চকুৰ সংক্রমণৰ প্রৱণতা বাঢ়ে৷ বৰষুণ আৰু গৰমৰ যুগলবন্দীত কনজাংটিভাইটিছৰ সম্ভাৱনা বাঢ়ে।
পৰিসংখ্যা অনুযায়ী আমাৰ দেশত প্রতি বছৰে প্রায় ১০ মিলিয়ন অৰ্থ্যৎ ১ কোটি মানুহ চকুৰ সংক্রমণ কনজাংটিভাইটিছত আক্রান্ত হয়।
অৱশ্যে কোভিডৰ দৰে নহ’লেও পিংক আই বা ‘জয়বাংলা’ৰ মহামাৰি হৈছিল ১৯৬৯ চনত ঘানাত। অৱশ্যে চলিত কোভিডৰ বিশ্ব মহামাৰিত চকু ৰঙা হোৱাক লৈ বহুতে উদ্বিগ্ন হ’লেও খুব বেছি বিয়পি পৰা নাই। ক’ৰোনাৰ বাবে স্কুল-কলেজ বন্ধ থকাৰ কাৰণে কনজাংটিভাইটিছ অন্য বছৰৰ তুলনাত কিছু কম। কিন্তু শিশুসকলৰ মাজত এই সমস্যাৰ সম্বাৱনা তুলনামূলকভাবে বেছি।
কিয় এই সংক্রমণ
মূলত চর্দি-কাহ, ভাইৰেল ফিভাৰৰ দৰে কিছু বীজাণু বতাহত ভাহি আহি চকুৰ পতাৰ তলত সংক্রমণ ঘটায়। ভাইৰাছ বতাহত ভাহি আহি চকুৰ কনজাংটিভালৈ আহে। তাৰ পিছত দ্রুত হাৰত বংশ বৃদ্ধি কৰে। তেতিয়াই কনজাংটিভাৰ ‘আইটিছ’ অর্থাৎ প্রদাহ হয়। ইয়াৰ ফলত এফালে চকু ফুলি ৰঙা হৈ যায়, আনফালে বহু সময়ত চকু বিষায়। ভাব হয় যেন চকুত ধূলি-বালি জাতীয় কিবা সোমাইছে, চকু খচখচায়।
কি হ’ব পাৰে
চক্ষু বিশেষজ্ঞৰ মতে চকুৰ এই সংক্রমণ খুব স্পৰ্শকাতৰ। চকুপানী নিঃসৰণৰ পৰা ঘৰৰ অন্যসকলৰতো বাদেই, ওচৰলৈ যিসকল আহে তেওঁলোকৰ মাজতো বিয়পি পৰাৰ সম্ভাৱনা থাকে। চকু ৰঙা হ’লে বহুতেই চছমা পিন্ধে।
বেছিভাগ মানুহেই চান গ্লাছ পিন্ধে ৰ’দৰ পৰা চকুক বচাবলৈ। ৰ’দ, বৰষুণ বা তীব্ৰ পোহৰত চকুৰ কষ্ট বাঢ়ে, সেয়ে ছান গ্লাছ পিন্ধাৰ পৰামর্শ দিয়া হয়। কাৰোবাৰ কনজাংটিভাইটিছ হ’লে পৃথক গামোচা বা টাৱেল ব্যৱহাৰ কৰিব লাগে। চকুত হাত দিলে পিন্ধা কাপোৰত নমচি চাবোনেৰে হাত ধুব লাগে।
কিন্তু এই কোভিডৰ পৰিবেশত যদি চকু ৰঙা হোৱাৰ উপৰি জ্বৰ, কাহ বা ডিঙিত বিষ থাকে তেতিয়া অৱশ্যেই কোভিড-১৯ টেষ্ট কৰাব লাগিব বুলি চিকিৎসকে কয়৷
কনজাংটিভাইটিছ হওক বা চকুৰ অন্য কোনো সংক্রমণ, নিজে কিন্তু কেতিয়া ঔষধ কিনি নলগাব, নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব।
লগতে কেইবাটাও নিয়ম মানি চলিব লাগিব।
-পৰিষ্কাৰ ঠাণ্ডা পানীৰে দিনত তিনিৰ পৰা চাৰিবাৰ চকু ধুব লাগিব।
-জোৰে চকুত পানী মৰাটো একেবাৰেই মানা।
-এই সময়ত কণ্টেক্ট লেন্স পিন্ধাটা নচলিব।
-চকুৰ এই সংক্রমণ সম্পূৰ্ণভাৱে ভাল হ’বলৈ সাত দিনমান সময় লাগিব পাৰে। অৱশ্যে বহুতে ইয়াতকৈ বেছি দিনো ভোগে।
-কনজাংটিভাইটিছৰ উপৰি এই সময়ত কর্নিয়াত আলচাৰ আৰু এলার্জিৰ সম্ভাৱনাও বাঢ়ে বুলি চিকিৎসকে কয়।
-লক্ষ্য ৰাখিব লাগিব যে বৰষুণৰ পানী যেন প্ৰত্যক্ষভাৱে চকুলৈ নাযায়।
-ছাতি, চছমা ব্যৱহাৰ কৰাৰ লগতে বেছি বৰষুণত বাহিৰলৈ যোৱাটো বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগিব।
চকুৰ কোন অংশত সংক্রমণ
চকুৰ পতা আৰু কনজাংটিভাৰ উপৰি বহু সময়ত কর্নিয়াতো সংক্রমণ হ’ব পাৰে। সঠিক চিকিৎসাত সংক্রমণ ৰুধিব নোৱাৰিলে কর্নিয়েল আলচাৰ হৈ দৃষ্টিশক্তি নষ্ট হৈ যাব পাৰে বুলি টিকিৎসকে কয়। সেয়ে চকুৰ যিকোনো অসুবিধা হ’লে অৱশ্যেই চিকিৎসক দেখুওৱা উচিত।
কোভিড-১৯ৰ ভয়ত বহুতে ক্লিনিকলৈ যাবলৈ ভয় খাইছে। চিকিৎসকসকলৰো সংক্রমণৰ ভয় থাকে। সেয়ে হস্পিটেল তথা ক্লিনিকত যথাযথ নিয়ম মানি বাৰে বাৰে চেনিটাইজ কৰিবলগা হয়।
ফেচ মাস্ক, শ্বিল্ড, গ্লোভছসহ যথাযথ দূৰত্ববিধি মানিয়েই ৰোগী চোৱা হয়। চকু বচাবলৈ যত্ন লোৱাৰ উপৰি চিকিৎসকৰ পৰামর্শ ল’বলৈ নাপাহৰিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰাখি আৰু পুষ্টিকৰ খাদ্য খাই চকু ভালে ৰাখক।
















