নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৩৪৫ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৩৪৫ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ২৪ ঘন্টাত ৰাজ্যত ৩৫৩৯৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২০৩৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰত কামৰূপ মেট্ৰোৰ পৰা আছিল ৪৮১ গৰাকী, ডিব্ৰুগড়ৰ পৰা ১২৯ গৰাকী, যোৰহাটৰ পৰা ১৪৬ গৰাকী আৰু হাইলাকান্দিৰ পৰা ১১০ গৰাকী। আক্ৰান্তৰ হাৰ ৫.৭৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৮৮০৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৯২১৯ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৯,৩০৭ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৭৮গৰাকীলৈ বৃদ্ধি পালে।












