নিউজ ডেস্কঃ
বৃহস্পতিবাৰৰ দিনটোত মুঠ ৪ গৰাকী ক’ৰোণা আক্ৰান্তই হেৰুৱাইছে প্ৰাণ। পূৰ্বতকৈ মৃতকৰ সংখ্যা কম হৈছে যদিও বৰ্তমানেও কমা নাই ক’ভিডৰ ভয়াৱহতা।
আজি প্ৰাণ হেৰুওৱা চাৰি গৰাকী হৈছে ক্ৰমে বাক্সাৰ সৰস্বতী নাথ, ডিব্ৰুগড়ৰ অৰৱিন্দ মেধি, দৰঙৰ পৰা হাছান আলি আৰু কামৰূপ মেট্ৰোৰ পৰাা ধনেশ্বৰ আলি। ইয়াকে লৈ ৰাজ্যত সৰ্বমুঠ মৃত্যকৰ সংখ্যা হৈছে ২৭৮ জন।












