অসম বিধানসভাৰ নিৰ্বাচন অহা বছৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এই নিৰ্বাচনক লৈ শাসক আৰু বিৰোধী পক্ষই ইতিমধ্যে ককালত টঙালি বান্ধিছে৷ আনহাতে সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে৷
তদুপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলাইছে৷ অখিল গগৈ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাচত এই ৰাজনৈতিক দলে নিৰ্বাচনৰ বাবে যাৱতীয় কাম আৰম্ভ কৰিব৷ এইখিনিতে মন কৰিব লগা বিষয় যে সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদে ৰাজনৈতিক দল গঠন কৰাৰ কথা জানিবলৈ পোৱাৰ লগে লগে তৎকালীনভাৱে মত ব্যক্ত কৰিছে অসমৰ শিক্ষা, বিত্ত, গড়কাপ্টানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
এতিয়া মূল কথা হ’ল শাসনত থকাৰ সময়তে এটা নতুন ৰাজনৈতিক দলৰ জন্ম হোৱাৰ কুচকাৱাজ চলোতেই কিয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মত ব্যক্ত কৰিব লগা হ’ল? মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মত ব্যক্ত কৰাৰ পৰা এই কথা পৰিষ্কাৰ হৈ পৰে যে বিজেপিৰ প্ৰতি মানুহৰ মোহ ভংগ হৈছে৷ ভোটাৰে আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম হোৱা দলটোক সমৰ্থন দিয়াৰ সম্ভাৱনা আছে নিশ্চয়৷
এই দলটোক ভয় কৰিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ যদি নিজ দলৰ সাংগঠনিক দিশৰ প্ৰতি বিশ্বাস আৰু আস্থা থকা হ’লে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাই কথা নক’লেহেঁতেন৷ এটা কথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে অসমত বিজেপিৰ জনপ্ৰিয়তা পূৰ্বতকৈ বহু হ্ৰাস পাইছে৷ দলটোৱে চাৰি বছৰ অতিক্ৰম কৰাৰ পাচতো কোনো উল্লেখনীয় কাম কৰা জনসাধাৰণৰ চকুত পৰা নাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক্সপ্ৰেছ হাইৱে, সুৰংগ পথ আদি বহু সপোন দেখুৱালে৷
কাৰ্যত এটাও কাম জনসাধাৰণৰ চকুত পৰা নাই৷ আনহাতে বিজেপি চৰকাৰখন নিবনুৱা সমস্যা সমাধানত ব্যৰ্থ বুলি বিভিন্ন মহলে দাবী কৰি আহিছে৷ এইবাৰ নিৰ্বাচনত অসমবাসীক কি কৈ ভোট ভিক্ষা কৰিব সেয়া গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিণত হ’ব৷ আনহাতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে সকলো সময়তে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে ভৰসা কৰি চলি থকাৰ দৰে হ’ল৷
তদুপৰি এইবাৰ বিধানসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীক ব্ৰেণ্ড হিচাপে লৈ ভোট ভিক্ষা কৰিলে জনসাধাৰণে কিমান সঁহাৰি জনাব সেই কথাও মন কৰিব লগা হ’ব৷ ৰাজ্য চৰকাৰখনে এইবাৰ নিজৰ ঢোল বজাবনে কংগ্ৰেছ আৰু আন বিৰোধী দলৰ বদনাম গাই ভোট ভিক্ষা কৰিব, এই কথা গুৰুত্বপূৰ্ণ হৈ পৰিব৷ মন কৰিব লগা যে আজিৰ দিনটোত বিজেপিয়ে কংগ্ৰেছক ভয় কৰা যেন জনসাধাৰণে অনুভৱ কৰে৷
কাৰণ কংগ্ৰেছৰ বদনাম গাই ভোট ভিক্ষা কৰাটোৰ অৰ্থ দলটোক ভয় কৰাই নহয় জানো বুলি বিভিন্ন মহলে প্ৰশ্ন কৰে৷ দিল্লীত অৰবিন্দ কেজৰিৱালৰ দৰে বদনাম নোগোৱা ৰাজনীতিৰ বাতাবৰণ অসমত হ’ব নে বুলি একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে৷












