![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডিমাপুৰ-মাঞ্জা পথত কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এজন মণিপুৰী যুৱক ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা কেইদিন পূৰ্বে কাৰ্বি আংলঙ জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে এক গোপন খবৰৰ ভিত্তিত ডিমাপুৰ-মাঞ্জা পথত আৰক্ষীৰ নিয়মীয়া তালাচী কঠোৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷
সেই অনুসৰি মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰু মাঞ্জা আৰক্ষীৰ সহযোগত মাঞ্জা আৰক্ষী চেক পষ্টত তালাচী চলাই মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন ১২ চকীয়া ট্ৰাকৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ ড্ৰাগছখিনি৷ নিষিদ্ধ ড্ৰাগছখিনিৰ নাম ডব্লিউ ৱাই লগতে আটকাধীন যুৱকজনৰ পৰা ক্ষুদ্ৰ টেবলেটৰ আকাৰত প্ৰায় ৯৬ হাজাৰ টেবলেট জব্দ কৰে আৰক্ষীয়ে৷
আন্তঃ ৰাষ্ট্ৰীয় বজাৰত নিষিদ্ধ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ১২ চকীয়া ট্ৰাক এখনত উদ্ধাৰ হয় ড্ৰাগছখিনি ৷
NL 07 A 8201 পঞ্জীয়ন নম্বৰৰ খালী ট্ৰাকখনৰ টুল বক্সৰ পৰা উদ্ধাৰ হয় ড্ৰাগছখিনি ৷ ঘটনা স্থলীত উপস্থিত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা৷ ড্ৰাগছসহ ধৃত যুৱকজন মণিপুৰৰ বিষ্ণুপৰ জিলাৰ মৈৰাং থানাৰ ক’কটা গাৱৰ নিৱাসী ইমৰাণ খান ( ৩১) বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত মাঞ্জা থানাত এনডিপিএছ এক্টত ২৯/২০২০নম্বৰত এক গোচৰ ৰুজো দি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷












