নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১৪৮ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২১৪৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যত ৩৬হাজাৰ ২২৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২১৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৩১ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৫২গৰাকী ডিব্ৰুগড়ৰ, ১৩৪গৰাকী যোৰহাটৰ, ১৩৬ গৰাকী কাছাৰৰ আৰু ১২২ গৰাকী কামৰূপৰ গ্ৰাম্যৰ৷ আক্ৰান্তৰ হাৰ ৬.০১শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৬৭৭১জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৯,৫৩২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৬,৯৬২ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৭৪ গৰাকীলৈ বৃদ্ধি পালে।












