নিউজ ডেক্স:
৩১ আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ৷ অধিৱেশনৰ পূৰ্বে ক’ৰোণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে অসম বিধানসভাৰ সচিবালয়ে ৷ এই বিষয়ত এক নিৰ্দেশনা বুধবাৰে বিধানসভাৰ বিষয়া-কৰ্মচাৰীৰ বাবে জাৰি কৰিছ ৷
লগতে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই জনালে- “বিধানসভাৰ চৌহদত প্ৰৱেশৰ পূৰ্বে ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী-বিধায়কে ৷ একেদৰে ৰেপিড টেষ্ট কৰিব লাগিব বিষয়া-কৰ্মচাৰী আৰু সাংবাদিক সকলেও ৷
ইয়াৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছো ৷ এই হিচাপত ২৮ আৰু ২৯ আগষ্টত ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ৷”ইপিনে শেহতীয়াক ক’ৰোণাত আক্ৰান্ত হৈছে সাত বিধায়ক৷ ক’ৰোণা মহামাৰীত আক্ৰান্ত এই সাত বিধায়কে এই গ্ৰীষ্মকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷
বিধানসভাৰ ভিতৰত প্ৰতিটো দলৰ বিধায়কৰ উপস্থিতি সন্দৰ্ভতো দলসমূহে জনাব লাগিব ৷ সামাজিক দূৰত্ব ৰক্ষাৰ স্বাৰ্থত এই বিধানসভাৰ সচিবালয়ে ৷ লগতে বিভাগীয় প্ৰশ্ন নাথাকিলে মন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষত থকাৰ ব্যৱস্থা কৰিছে বিধানসভাৰ সচিবালয়ে ৷
এই সন্দৰ্ভত প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই ক’লে – “পঞ্চাশ শতাংশ সদস্যৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰখা হ’ব ৷ প্ৰশ্ন নাথাকিলে মন্ত্ৰীয়ে নিজৰ কাৰ্যালয় কক্ষতে থাকিব ৷”












