নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৭২৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৭২৪গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যত ৩৪৩০৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৯৭৩গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫১০জন কামৰূপ মেট্ৰ, ১৪৯জন কাছাৰ, ১৩২জন যোৰহাট, ১২১জন কামৰূপ গ্ৰাম্য আৰু ১১৬জন ডিব্ৰুগড়ৰ। আক্ৰান্তৰ হাৰ ৫.৭৫%শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৪,৫৯২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৯৫১৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৪,৮১৪ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৬০ গৰাকীলৈ বৃদ্ধি পালে।












