
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ১৮ আগষ্টত গুৱাহাটীত মৃত্যু হোৱা ডিফুৰ মহিলা বীণা তেৰাংপীৰ মৃত্যুৰ ঘটনা ৰহস্যজনক বুলি দাবী কৰি মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে কার্বি ছাত্র সন্থাই। আজি দিনৰ প্রায় এঘাৰ বজাত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত প্রয়াত বীণা তেৰাংপীৰ পৰিয়াল আৰু কার্বি ছাত্র সন্থাৰ সদস্যসকলে মহিলাগৰাকীৰ ফটো প্ৰদৰ্শণ কৰাৰ লগতে আমাক ন্যায় লাগে দাবী সম্বলিত প্লে-কার্ড প্রদর্শন কৰি প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, যোৱা ৯ আগষ্টত গুৰুতৰভাৱে অসুস্থ হোৱা মহিলাগৰাকীক ডিফু অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতিকে গুৰুতৰ হোৱাৰ ফলত তেওঁক উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়। গুৱাহাটীত মহিলাগৰাকী কৰোনাত আক্রান্ত হোৱা বুলি পৰিয়ালক জনোৱাৰ পিছত মহিলাগৰাকী চিকিৎসাধীন অৱস্থাতে যোৱা ১৮ আগষ্টত মৃত্যু হয়।
আনহাতে, পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, চিকিৎসালয় কর্তৃপক্ষই ১৯ আগষ্টত প্রদান কৰা মৃত্যুৰ প্রমাণ-পত্রত মহিলাগৰাকীৰ কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি উল্লেখ কৰা হয়।
ইফালে, মহিলাগৰাকীৰ মৃতদেহটোৰ কপালত এক গভীৰ ক্ষতৰ দাগ থকা বুলি অভিযোগ কৰি পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা ৰহস্যজনক বুলি দাবী কৰে।
আনহাতে, কোভিড ১৯ নিগেটিভ হোৱাৰ পিছতো চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীক সুদীর্ঘ দিন ধৰি পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পৰা কিয় বিৰত ৰখা হ’ল বুলিও প্রতিবাদকাৰীসকলে প্রশ্ন উত্থাপন কৰে ৷ বীণা তেৰাংপীৰ মৃত্যু সন্দর্ভত তদন্তৰো দাবী কৰে ছাত্র সংগঠনটোৰ লগতে মৃত মহিলাগৰাকীৰ পৰিয়ালবর্গই। স্মৰ্তব্য যে, ২০ আগষ্টত তেওঁৰ মৃত্যুৰ বাতৰিটো আমাৰ চেনেল যোগে প্ৰচাৰ কৰা হৈছিল।












