নিউজ ডেক্স:
লক্ষ্য ২০২১ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।সাংস্কৃতিক জগত এৰি সক্ৰিয় ৰাজনৈতিক মঞ্চলৈ ঢাপলি একাংশ সাংস্কৃতিক জগতৰ ৰথী -মহাৰথী।
মঙলবাৰে কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগদান কৰে সাংস্কৃতিক জগতৰ সৈতে জড়িত প্ৰায় ৪০ গৰাকীৰ ৰথী-মহাৰথী।অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে যোগদান কৰে কণ্ঠশিল্পী বাবু বৰুৱা, নেকিবুল হুছেইন, গীতিকাৰ অজয় ফুকন, শোণিত গগৈ, অভিনেতা নয়ন নিবাৰণ প্ৰমুখ্যে প্ৰায় ৪০ গৰাকীৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত শিল্পী-কলা-কৌশলীয়ে।
দিছপুৰত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে দলটো বহুকেইজন জ্যেষ্ঠ নেতা।
সাংস্কৃতিক জগতৰ সৈতে জড়িত ব্যক্তিসকলৰ যোগদানৰ পাছতে সভাপতি বৰাই কয়- কংগ্ৰেছত যোগদানৰ বাবে বিজেপি আৰু অন্য দলৰ বহুকেইজন প্ৰাক্তন বিধায়কে যোগাযোগ কৰি থকা লগতে বিজেপি বর্তমানৰ বহু কেইজন বিধায়কে কম সময়ৰ ভিতৰতে যোগদান কৰিব।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা সপোন সপোন হৈয়ে থাকিব- বৰাই লগতে কয়।
দলত যোগদান কৰি বাবু বৰুৱাই পৰিৱেশন কৰে পেডেল মাৰি মাৰি শীৰ্ষক জনপ্ৰিয় গীতটো।দিছপুৰৰ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী এক প্ৰকাৰে ২১ৰ নিৰ্বাচনৰ প্ৰাৰম্ভিক আখৰা স্থলীলৈ পৰিগণিত হয়।
গুৰুত্বপূৰ্ণ কথা এই যে বিজেপিত মঙলবাৰে ৰাজ্যৰ সাংস্কৃতিক জগতৰ ৩০গৰাকী ৰথী-মহাৰাথী আনুষ্ঠানিক যোগদান কৰিছিল।












