নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০৫৪ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০৫৪ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে সোমবাৰৰ দিনটোত ৰাজ্যত ২৮৬৭০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৮৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৭১জন কামৰূপ মেট্ৰ, ১৪৩জন ডিব্ৰুগড়, ১৩৮জন যোৰহাট আৰু ১৩৩জন কাছাৰৰ।আক্ৰান্তৰ হাৰ ৬.৫৫ % শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯২৬১৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৯২৭৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৩০৯০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৫২গৰাকীলৈ বৃদ্ধি পালে।












