![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি কাৰ্বি হিষ্টৰী পাষ্ট এণ্ড প্রেজেন্ট শীর্ষক এখনি কার্বিসকলৰ ইতিহাস সম্পর্কীয় ইংৰাজী ভাষাত লিখিত গ্রন্থৰ শুভ উন্মোচন কৰে। চেন্টাৰ ফৰ কার্বি স্টাডীজ উদ্যোগত অনুষ্ঠিত হোৱা গ্রন্থ উন্মোচন অনুষ্ঠানত পৰিষদৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে নিজ কার্যালয় কক্ষৰ পৰাই গ্রন্থখনৰ শুভ উন্মোচন কৰে।
উন্মোচনৰ উক্ত অনুষ্ঠানত সাংসদ হৰেণছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহিকে ধৰি কেইবা গৰাকীও পৰিষদৰ সদস্য, কার্যবাহী সদস্য উপস্থিত থাকে। আনহাতে,অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ উপাচার্য দিলীপ চন্দ্র নাথ, উপাচার্য প্রফেচৰ শিৱাশীষ বিশ্বাস, চেন্টাৰ ফৰ কার্বি ষ্টাডীজৰ সঞ্চালক ধৰমছিং টেৰণ,এনথ্ৰপল’জী বিভাগৰ অধ্যাপক ডঃ চমিনাথ ভট্টাচার্য, ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মেগী কাথাৰপীয়ে ভিডিঅ’ কনফাৰেন্স যোগে গ্রন্থ উন্মোচনী সভাখনত অংশগ্রহণ কৰে। গ্রন্থখনৰ সম্পাদনা কৰিছে ভুল্লী ধানাৰাজু আৰু ধৰমছিং টেৰণে।













