
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ চিমেণ্ট উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানা কৰ্তৃপক্ষই বিগত বহু যুগ ধৰি থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি অহাৰ বিৰুদ্ধে বোকাজান বিলাতী মাটি কাৰখানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই।
বিগত কিছু দিন পূৰ্বে ৯ জন বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়া চক্ৰান্তৰ বিৰুদ্ধে প্ৰীতিবাদ কৰিছিল বোকাজানৰ বহু দল সংগঠনে। কিন্তু অতি ষড়যন্ত্ৰমূলকভাৱে চিমেণ্ট কাৰখানা কৰ্তৃপক্ষই ৯ জন যুৱকক প্ৰশিক্ষণৰ নামত নিযুক্তি প্ৰদান কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে দল সংগঠনসমূহে। দিল্লীত অধিস্থিত মুখ্য পৰিচালন সঞ্চালকৰ আঙুলিৰ মূৰত উঠা বহা কৰে কাৰখানাৰ মহাপ্ৰবন্ধক আৰু মুখ্য পৰিচালন সঞ্চালকৰ নিৰ্দেশতেই বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে কাৰখানাৰ মহাপ্ৰবন্ধকে সংবাদিকক সেই ৯ জন যুৱকক প্ৰশিক্ষণৰ উদ্দেশ্যে হে কাৰখানাত যোগদান কৰিবলৈ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। এইলৈ আজি ডিফু ৰংথেয়াং স্থিত কাৰবি ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে’ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চি চি আইটোত থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰি বহিৰাগত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া কাৰ্যক কোনো পধ্যেই কেএছএ মানি নলয় ৷ প্ৰয়োজন হ’লে ইয়াৰ বাবে আন্দোলনৰ পন্থা ল’বলৈ বাধ্য হ’ব বুলি নেতাজনে মন্তব্য কৰে ৷












