গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ অংশীদাৰিত্বৰে(PPP) কিছু নিৰ্দিষ্ট কামৰ দায়িত্ব দিয়াৰ যি সিদ্ধান্ত লৈছে ইয়াৰ জৰিয়তে বিমানবন্দৰটো সামগ্ৰিকভাৱে বিশ্বমানৰ মানদণ্ডলৈ উন্নীত হোৱাৰ লগতে গুণগত সেৱা আগবঢ়াব পৰাকৈ সক্ষম হ’ব।
আজি সংবাদ মাধ্যমক সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ এনে এক সুন্দৰ পদক্ষেপক কিছুমান মনেসজা ভিত্তিহীন অভিযোগেৰে কংগ্ৰেছ দলে বিৰোধ কৰা দেখিবলৈ পোৱা গৈছে।
বিমানবন্দৰটো বিক্ৰী কৰি দিয়া হ’ল বুলি অপপ্ৰচাৰ কৰি ফুৰা কংগ্ৰেছে জনাটো ভাল যে বিমানবন্দৰটোৰ টাৰ্মিনেল আৰু পৰ্যটকৰ বাবে থকা অন্যান্য সা-সুবিধাসমূহ ব্যক্তিগত অংশীদাৰিত্বৰে উন্নীত কৰিব বিচৰাটোৱে বিমানবন্দৰটো সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰিব বিচৰা নুবুজায়।
বিমানবন্দৰটোৰ ৰাণৱে আৰু ট্ৰেফিক নিয়ন্ত্ৰণৰ ব্যৱস্থা এতিয়াও পূৰ্বৰ দৰে ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধীনতে থাকিব। আনহাতে, ইয়াৰ পৰা যি ৰাজহ আদায় হ’ব সেয়া ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে অসমৰ লগতে ভাৰতৰ ভিন্ন চহৰ-নগৰত থকা সৰু সৰু বিমানবন্দৰসমূহৰ সামগ্ৰিক উন্নয়ন কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনত মুঠ প্ৰায় ১০০টা সৰু-বৰ বিমানবন্দৰ আছে।
মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে কংগ্ৰেছ দল হয়তো স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হৈছে৷ কংগ্ৰেছে পাহৰিছে যে আজিৰ পৰা প্ৰায় এক দশক পূৰ্বেই কংগ্ৰেছ চৰকাৰৰ দিনতেই দিল্লী আৰু মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দুটাক একেই পদ্ধতিৰে GMR আৰু GVK কোম্পানী দুটাৰ হাতত অৰ্পণ কৰিছিল৷ মুখপাত্ৰগৰাকীয়ে কয় যে, অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ক্ষেত্ৰত আজি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে আগন্তুক সময়ত এই বিমানবন্দৰটোকো দিল্লী-মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দৰেই আগশাৰীৰ বিমানবন্দৰলৈ উন্নীত কৰিব৷
কিন্তু অতি হাস্যকৰ কথা যে কেৱল মাথোঁ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত নিজৰ দিনতে আৰম্ভ হোৱা পদ্ধতি এটাৰ বৰ্তমান বিৰোধিতা কৰি নিজৰ ভণ্ডামি নিৰ্লজ্জভাৱে উদঙাই দিছে কংগ্ৰেছে। শেহতীয়াকৈ কেৰালাৰ তিৰুৱন্তপুৰম বিমানবন্দৰো একেই পদ্ধতিৰে হস্তান্তৰ কৰা পদক্ষেপক জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰে আদৰণি জনাইছিল আৰু ইয়াৰ জৰিয়তে বিমানবন্দৰটোৰ উন্নতি হ’ব বুলিও আশা প্ৰকাশ কৰিছিল।
তেনেস্থলত অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধ স্থিতিয়ে উদঙাই দিছে কংগ্ৰেছৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত মনোভাবক৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ সময়ত দুৰ্নীতি-ভ্ৰষ্টাচাৰ, ৰাইজৰ প্ৰতি কৰা চৰম প্ৰৱঞ্চনা আৰু তাৰ বিপৰীতে ৪ বছৰত বিজেপি চৰকাৰে জাতি-মাটি-ভেটি ৰক্ষাৰ অৰ্থে কৰা উন্নয়নমূলক কামকাজসমূহত বৰ্তমান বিধস্ত হৈ পৰিছে কংগ্ৰেছ।
থৰক-বৰক হৈ পৰিছে কংগ্ৰেছৰ ভেটি। উপায়ন্তৰ হৈ এআইডিইউএফৰ দৰে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জন্মলভা দল এটাৰ বোকোচাত উঠিবলৈ বাধ্য হোৱা এই দলটোৱে বৰ্তমান আশ্ৰয় লৈছে অপপ্ৰচাৰৰ। কংগ্ৰেছৰ দিনত ৰাইজে দেখিছিল কেনেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চনলৈকে সকলোতে কেৱল মাথোঁ দুৰ্নীতি হৈছিল, প্ৰায়ভাগ কাম আধৰুৱা হৈ পৰি ৰৈছিল।
কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত দুখীয়া-নিছলাসকলে কোনো মধ্যভোগীৰ চেপনত জুৰুলা নোহোৱাকৈ লাভ কৰা চৰকাৰী সা-সুবিধাসমূহৰ কাৰণে ৰাইজে দলটোক আকোঁৱালি লোৱা দেখি আৰু চৰকাৰৰ উন্নয়নমূলক কামকাজসমূহৰ ক্ষিপ্ৰ গতিয়ে হতাশগ্ৰস্ত কৰিছে কংগ্ৰেছ দলটোক৷ আৰু সেয়েহে হয়তো কংগ্ৰেছে নিৰ্বাচনত যুঁজ দিবলৈ একো বিষয় বিচাৰি নাপাই ব্যস্ত হৈ পৰিছে ভুৱা তথা বিভ্ৰান্তিকৰ খবৰ বিয়পোৱাত।
পিছে কংগ্ৰেছৰ এই অপপ্ৰচাৰ বেছি সময় তিস্থি নাথাকে। বিজেপি বিৰোধৰ নামত উন্নয়নবিৰোধী হৈ পৰা কংগ্ৰেছৰ ভণ্ডামি ৰাইজৰ আগত স্পষ্ট ৰূপত ওলাই পৰিব লৈছে। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত বিমানবন্দৰ হস্তান্তৰৰ কোনো নতুন বিষয় নহয়।
কেন্দ্ৰ চৰকাৰৰ এনে পদক্ষেপে দিল্লী, মুম্বাই আন্তৰ্জাতিক বিমানবন্দৰৰ দৰে অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকো এক নতুন ৰূপ দিবলৈ সক্ষম হ’ব বুলি বিজেপি আশাবাদী। এনে পদক্ষেপক ভাৰতীয় জনতা পাৰ্টিয়ে আদৰণি জনায় আৰু গুৱাহাটী বিমানবন্দৰক বিক্ৰী কৰিছে বুলি মিথ্যাচাৰৰ জৰিয়তে অপপ্ৰচাৰত লিপ্ত হোৱা কংগ্ৰেছ দলক সকীয়াই দিয়ে যাতে অনাগত দিনত কংগ্ৰেছে কেৱল বিৰোধৰ নামত বিৰোধৰ ৰাজনীতি নকৰে৷












