নিউজ ডেক্স:
ক’ভিডসৃষ্ট এই জটিল সময়ৰ প্ৰতিটো প্ৰত্যাহ্বানক মূৰ পাতি লৈ সমুখৰ শাৰীৰ যোদ্ধাৰূপে অহৰহ নিজৰ কৰ্তব্য পালন কৰি গৈছে সাংবাদিক তথা সংবাদকৰ্মীসকলে। ক’ভিড মহামাৰীৰ পুঙ্খানুপুঙ্খ খবৰ যুগুতোৱাৰ সময়তেই বহু সাংবাদিক-সংবাদকৰ্মী আক্ৰান্ত হৈ পৰিল ক’ভিড -19 ত। ক’ভিডক পৰাস্ত কৰি জীৱনৰ জয়গান গাই সুস্থ হৈ ওভতি অহা সাংবাদিকৰ ছন্দত এইবাৰ মানৱতাৰ জয়গান।
স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে গুৱাহাটী প্ৰেছ ক্লাৱে সিদ্ধান্ত লৈছিল ক’ভিড জয়ী সাংবাদিক-সংবাদকৰ্মীৰ দ্বাৰা প্লাজমা প্ৰদানৰ এক কাৰ্যসূচীৰ। গুৱাহাটী প্ৰেছ ক্লাৱৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় আগবাঢ়ি আহে প্ৰায় ১৯ গৰাকী সাংবাদিক।
NHMৰ সহযোগত আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সভাকক্ষত অনুষ্ঠিত হয় সাংবাদিকৰ প্লাজমা প্ৰদান কাৰ্যসূচী। অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়- “এয়া আমাৰ বাবে আনন্দৰ দিন, সংগৱদ্ধৰূপত সাংবাদিকৰ প্লাজমা প্ৰদানৰ এনে কাৰ্যসূচী হয়তো দেশৰ ভিতৰতেই প্ৰথম।
সাংবাদিকসকলে ক’ভিড বিৰোধী যুদ্ধখনত প্ৰথম দিনটোৰ পৰাই আপোচবিহীনভাৱে যুঁজত চামিল হৈছে।” আনহাতে গুৱাহাটী প্ৰেছ ক্লাৱৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি মন্ত্ৰী ডঃ শৰ্মাই কয়- ৰাজ্যৰ অন্য প্ৰান্তৰ সাংবাদিক তথা সংবাদকৰ্মী সকলো প্লাজমা প্ৰদানৰ বাবে আগবাঢ়ি আহক। সাংবাদিকসকলৰ প্লাজমা প্ৰদানৰ এই কাৰ্যসূচীৰ দ্বাৰা মানুহৰ মনত প্লাজমা প্ৰদান সন্দৰ্ভত লুকাই থকা অহেতুক ভয় আতঁৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ, সম্পাদক সঞ্জয় ৰায়, ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকা সহ বহু জ্যেষ্ঠ সাংবাদিক।














