নিউজ ডেক্স:
দুধনৈত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় দুজনকৈ মেধাবী ছাত্ৰ৷ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত আমজোঙাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এই মেধাবী ছাত্ৰ দুজনৰ মৃত্যু হয়৷ উল্লেখ্য যে দুয়োজন ছাত্ৰই চাইকেল চলাই গৈ থকা অৱস্থাত দুখন তীব্ৰবেগী বাহনে তেওঁলোকক খুন্দা মাৰে৷
ফলত থিতাতে নিহত হয় দুয়োজন ছাত্ৰ৷ ইয়াৰে এজন দশম শ্ৰেণী আৰু আনজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল৷ প্ৰাপ্ত তথ্য ম’তে, দেওবাৰে আন ৪ সতীৰ্থসহ চিণ্টু দাস আৰু ত্ৰিদেৱ ৰয় ওৰফে ৰাহুলে চাইকেল চলাই আমজোঙাৰ এটা মন্দিৰলৈ গৈছিল৷ তাৰ পাচত মন্দিৰৰ পৰা দৰংগিৰিৰ পাটিয়াৰপাৰা নিজ ঘৰলৈ তেওঁলোক উভতি গৈছিল৷
সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গুৱাহাটী আৰু গোৱালপাৰা অভিমুখী দুখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে চাইকেলসহ ৬ জন ছাত্ৰক৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনসহ চালক। ইপিনে, ঘটনাস্থলীতে চিণ্টু দাস নামৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰজন নিহত হয়৷ আনজন ছাত্ৰ ত্ৰিদেৱ ৰয়ক সংকটজনক অৱস্থাত গোৱালপাৰালৈ নিয়া হয় যদিও তেওঁ চিকিৎসালয় পোৱাৰ আগতে পথতে মৃত্যুক আঁকোৱালি লয়৷
দুয়োজন ছাত্ৰ দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল৷ উল্লেখ্য যে চিণ্টু দাস নামৰ ছাত্ৰজন সুকণ্ঠৰ অধিকাৰী আছিল৷ আনহাতে দুৰ্ঘটনাত পৰম দাস, সাগৰ দাস, মানৱ দাস আৰু অৰ্জুন ৰাজবংশী নামৰ ছাত্ৰকেইজন আহত হয়৷ ছাত্ৰ দুজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷












