নিউজ ডেক্স:
গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ।বৰঝাৰ বিমানবন্দ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কর্মীয়ে সাৱ্যস্ত কৰে প্ৰতিবাদ।
ছয়গাওঁ, বকো, ৰঙিয়া আদি বিভিন্ন স্থানৰ পৰা প্ৰতিবাদত অংশগ্ৰহণ কৰে কংগ্ৰেছ কর্মী সকলে।
“৫০বছৰৰ কাৰণে আদানী গ্রুপক বিক্ৰী কৰিছে।নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ আদানী”- বৰাই কয়।৭০বছৰ কংগ্ৰেছে একো নকৰিলে বুলি কোৱা বিজেপিয়ে কি কৰিছে! কংগ্ৰেছে উপাৰ্জন কৰি থৈ যোৱা সম্পদবিলাক বিক্ৰী কৰি দেশ চলাইছে আৰু খাইছে।তাৰ বাহিৰে একো কৰা নাই লগতে তেওঁ কয়।
গোপীনাথ বৰদলৈৰ বিমানবন্দৰৰ লগত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ আৱেগ-অনুভূতিৰ জড়িত হৈ আছে।অসম মানুহৰ স্বাভিমান লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিমানবন্দৰ বুলি উল্লেখ কৰি বৰাই কয়- গোপীনাথ বৰদলৈৰ বাবে আজি আমি অসম হিচাপে ভাৰতত আছো।বাংলাদেশৰ লগত নহলে থাকিলো হয়।আদানী হাতত বিক্ৰী কৰাৰ বাবে অসমৰ ৰাইজে গোপীনাথ বৰদলৈক জন্ম দিয়া নাছিল।
বিজেপিয়ে গোপীনাথ বৰদলৈক অপমান কৰা গুৰুত্বৰ অভিযোগ তুলি সভাপতি বৰাই কয়-ৰাইজৰ কোটি কোটি টকা খৰচ কৰি বিমানবন্দৰ আধুনিকীকৰণ কৰি আদানীৰ হাতত গতাই দিব ওলাইছে।বিমানবন্দৰ নিৰ্মাণৰ বাবে যিসকল কৃষকে মাটি দিছিল তেওঁলোকে আদানীক দিব বাবে মাটি দিয়া নাছিল বুলি তেওঁ লগতে কয়।













