নিউজ ডেক্স:
বিগত ১১ বছৰীয়া প্ৰতীক্ষাৰ অৱসান ঘটাই আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল গুৱাহাটীৰ- উত্তৰ গুৱাহাটীৰ মাজৰ ৰ’পৱে সেৱা।ব্ৰহ্মপুত্ৰত ওপৰেৰে নিৰ্মান কৰা ১.৮২০ কিঃমিঃ ৰ’পৱে সেৱা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ এছিয়াৰ ভিতৰতে দীঘল নদীৰ ৰ’পৱে মুকলি অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, সাংসদ কুইন ওজা প্ৰমুখ্যে জিএমডিৰ বিষয়া সকল।
https://www.facebook.com/himantabiswasarma/videos/727570024595052/
দুই লেনযুক্ত ৰ’পৱে সংলগ্ন কৰিছে কছাৰী পৰা উত্তৰ- গুৱাহাটী ৰজাদুৱাৰ ঘাটক।ক্ষুদ্ৰতম নদী দ্বীপ উমান্দন ওপৰেৰে পাৰ হৈ গৈছে ৰ’পৱে সেৱা।উল্লেখ যে ৰ’পৱে সেৱাত গুৱাহাটী পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ প্ৰয়োজন হ’ব ৭মিনিট।এবাৰত ৩৫ জন যাত্ৰীয়ে কৰিব পাৰিব যাত্ৰা।যাত্ৰা মাচুল হ’ব ৬০ টকা।যদি অহা যোৱা কৰে তেন্তে ভৰিব লাগিব মুঠ ১০০টকা।
ব্ৰহ্মপুত্ৰৰ নান্দনিক পৰিৱেশ উপভোগ কৰি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ কম সময়ৰ ভিতৰতে কৰিব পাৰিব যাত্ৰা।ৰ’পৱে নিৰ্মান বাবে সামগ্ৰী সমূহ ক্ৰয় কৰা হৈছিল চুইজালেণ্ডৰ পৰা।জি এম ডিৰ অধীনত নিৰ্মান কৰা প্ৰকল্পটোত ব্যয় কৰা হৈছে ৫৬কোটি টকা।
ইফালে ৰ’পৱে সেৱা মুকলি কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়- গুৱাহাটীবাসী লগতে আধুনিক অসমৰ বাবে গুৰুত্বপূৰ্ণ আজি দিনটো।ৰ’পৱে থকা ৰাজ্যত অসম অন্তৰ্ভুক্ত হ’ল”।
গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক ধন্যবাদ জনাই মন্ত্ৰী শৰ্মাই কয়-প্ৰকল্পটো উদ্বোধন কৰিবলৈ মোক দিয়া বাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।
আনহাতে গুৱাহাটী চুপাৰ মাৰ্কেটৰ উৰণীয়া হেতুৰকাম বহাগ বিহুলৈ ৮০% সম্পূৰ্ন হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়- গুৱাহাটীত ৯ খন ফুড ব্ৰীজ নিৰ্মাণৰ কাম চলি আছে।অহা বৰ্ষ পহিলা জানুৱাৰীত একেলগে মুকলি কৰা বাবে চিন্তা কৰা হৈছে”।
আনহাতে কা’ আন্দোলনৰ সময়ত দুষ্কৃতিকাৰীয়ে গুৱাহাটী পৰিৱেশ ধ্বংস কৰিছিল।অদৰকাৰী শ্লোগানেৰে ৱাল বোৰ ভৰাই তুলিছিল।প্ৰতিবাদৰ নামত গুৱাহাটী ধ্বংস কৰাটো কেতিয়াও গ্রহণযোগ্য নহয়- হিমন্তই কয়।













