![]()
বিশেষ প্ৰতিবেদন:
ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ পৰাই বৰ্তমানলৈকে দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো শিক্ষানুষ্ঠানবোৰ বন্ধ আছে৷ এই শিক্ষানুষ্ঠানবোৰত পুনৰ পাঠদান কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত আলোচনা চলি আছিল৷

এনে সময়তে চৰকাৰে অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক শিক্ষানুষ্ঠানলৈ যাবলৈ নিৰ্দেশ দিছে৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা নিৰ্দ্ধাৰণ কৰি দিছে৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে চৰকাৰে বান্ধি দিছে নীতি-নিৰ্দেশনা৷ ইয়াৰ ভিতৰত আছে শিক্ষানুষ্ঠানলৈ যোৱাৰ আগতে শিক্ষক-শিক্ষয়িত্ৰীৰ ক’ৰোনা পৰীক্ষা৷

অৰ্থাৎ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ক’ৰোনা পৰীক্ষাত নিগেটিভ হ’ব লাগিব, তেতিয়াহে শিক্ষানুষ্ঠানলৈ তেওঁলোক যাব পাৰিব৷ এনে সময়তে বিভিন্ন মহলত উদয় হোৱা প্ৰশ্ন হ’ল শিক্ষক-শিক্ষয়িত্ৰীসকলে ক’ৰোনা পৰীক্ষা কৰোতে নিগেটিভ ফলাফল আহিল৷ কিন্তু শিক্ষানুষ্ঠানত যোগ দিয়াৰ পাচত পজিটিভ যে নহ’ব তাৰ কিবা নিশ্চয়তা আছেনে?
ইপিনে, ৰাজ্যখনৰ আন কোনো চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ ক্ষেত্ৰত এনে ব্যৱস্থা কৰা হৈছেনে বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰৰ অধীনস্থ কৰ্মচাৰীৰ ক্ষেত্ৰত ক’ৰোনা পৰীক্ষা কৰি কাৰ্যালয়ত উপস্থিত থকাৰ ব্যৱস্থা কৰিছেনে?
শিক্ষকসকলে ঘৰতে বহি দৰমহা খাই থকা কথা কোৱা ৰাজ্যৰ শিক্ষা মন্ত্ৰীজনে এই কথা কোৱাৰ সময়ত পাহৰি গৈছিল যে কোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে ক’ৰোনাৰ বাবে শিক্ষানুষ্ঠান বন্ধ দিয়া নাই৷ চৰকাৰৰ নিৰ্দেশতহে শিক্ষানুষ্ঠান বন্ধ আছে৷ উল্লেখ্য যে অহা ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানবোৰলৈ শিক্ষক-শিক্ষয়িত্ৰীক যাবলৈ দিছে যদিও পাঠদানৰ বাবে ব্যৱস্থা কৰা নাই৷

আনহাতে দীৰ্ঘদিন শিক্ষাদানৰ পৰা বিৰত থাকি শিক্ষক-শিক্ষয়িত্ৰীসকলো সুখী নহয়৷ তেওঁলোকেও পাঠদান কৰিবলৈ গভীৰভাৱে আশা কৰি আছে৷ কিন্তু ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ক’ৰোনা পৰীক্ষা কৰি নিগেটিভ ফলাফল লৈ শিক্ষানুষ্ঠানত উপস্থিত থাকিব লগা বিষয়টোক মানিব পৰা নাই বহু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সচেতন মহলে৷
নিগেটিভ ফলাফল দাখিল কৰা শিক্ষক-শিক্ষয়িত্ৰী ক’ৰোনাত আক্ৰান্ত নহ’ব বুলি কিবা নিশ্চয়তা আছেনে? ইতিমধ্যে এই কথা সত্যতাত প্ৰতিপন্ন হৈছে যে বহু লোকৰ নিগেটিভ ফলাফলৰ পাচতো পজিটিভ হৈছে৷ উল্লেখ্য যে চৰকাৰে এবাৰ এনে পৰীক্ষা কৰিলেই ক’ৰোনা ৰোধ কৰা প্ৰক্ৰিয়া শেষ হ’ব নোৱাৰে৷
শিক্ষক-শিক্ষয়িত্ৰীসকলক সপ্তাহত একোবাৰকৈ এনে পৰীক্ষা কৰি শিক্ষা ব্যৱস্থাত ক’ৰোনা সংক্ৰমণ ৰোধৰ পদক্ষেপ লোৱা প্ৰয়োজন বুলি সচেতন মহলে দাবী কৰে৷ মাত্ৰ এবাৰ পৰীক্ষা কৰি তাৰ ফলাফলৰ ভিত্তিত শিক্ষানুষ্ঠানলৈ শিক্ষক-শিক্ষয়িত্ৰী যোৱাৰ ব্যৱস্থাই কোনো সুদূৰপ্ৰসাৰী ব্যৱস্থা কৰা হ’ব বুলি কোনেও মানিব নিবিচাৰে৷ তদুপৰি ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পাচতো শিক্ষক-শিক্ষয়িত্ৰী ক’ৰোনাত আক্ৰান্ত নহ’ব বুলি শিক্ষা মন্ত্ৰীয়ে দৃঢ়তাৰেোক’ব পাৰিব নে?












