![]()
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০৪৫ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০৪৫গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শনিবাৰৰ দিনটোত ৰাজ্যত ২৩ হাজাৰ ৪০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৫৬০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৫২জন কামৰূপ মেট্ৰ, ১৩৭জন যোৰহাট আৰু ১০৪জন কামৰূপ গ্ৰাম্যৰ।আক্ৰান্তৰ হাৰ ৬.৭৭ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৯,৪৬৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২১৫৯০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬৭,৬৪১ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২৩৪ গৰাকীলৈ বৃদ্ধি পালে।












