স্বাস্থ্য প্ৰতিবেদনঃ
ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত নানা অস্ত্র-শস্ত্রৰ উপৰি আৰু এবিধ অস্ত্ৰক সঙ্গী কৰিব পাৰে। সুৰ শুনিও কিছু পৰিমাণে বশ কৰিব পৰা যায় নোভেল ক’ৰোনা ভাইৰাছৰ কাৰণে মন বেয়া আৰু সৰু-সুৰা শাৰীৰিক অস্বস্তি।
কেমব্রিজৰ এঞ্জিলা ৰাস্কিন ইউনিভাৰ্ছিটীৰ মিউজিক, হেল্থ এণ্ড ব্রেইনৰ গৱেষক জর্জ ফেকনাৰ আৰু তেওঁৰ সহযোগীসকলে হস্পিটেলত ভর্তি হৈ থকা ৰোগীসকলক নানা সুৰ শুনাই তেওঁলোকৰ মস্তিষ্কৰ ইলেকট্রো এনছেফেলোগ্রাম বা ইইজি ৰিপোর্টত উল্লেখযোগ্য পৰিবর্তন দেখিছে।
এই গৱেষণা-পত্রৰ পৰা জনা গৈছে যে, মস্তিষ্কৰ এক বিশেষ নিউৰোট্রান্সমিটাৰ ডোপামিনৰ নিঃসৰণ বাঢ়ি যোৱাত ৰোগীসকলৰ শাৰীৰিক আৰু মানসিক কষ্ট বহুখিনিয়েই কমে। মিউজিক থেৰাপি গৱেষণাত ই এক উল্লেখযোগ্য সংযোজন বুলি দাবী প্রফেছৰ ফেকনাৰৰ।
মিউজিক থেৰাপিৰ বিশেষজ্ঞসকলৰ মতে সুৰৰ যাদুত বিভিন্ন অসুখ-বিসুখৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰিব পৰা যায়।ভাৰতবর্ষ, মিছৰ, চীন, গ্রীছ আৰু ৰোমত সভ্যতাৰ আৰম্ভণিতে সুৰৰ সহায়ত অসুখৰ চিকিৎসা কৰা হৈছেল।
কিন্তু উপযুক্ত প্রমাণৰ অভাৱত বহু দিন সেয়া পৰি থাকিল। প্রথম বিশ্বযুদ্ধৰ সময়ৰ পৰা চিকিৎসকসকলে আহত সৈন্যসকলৰ বিষ-যন্ত্রণা কমাবলৈ মৃদু লহৰত গান-বাজনা ব্যৱহাৰ কৰি উল্লেখযোগ্য ফল পাইছিল।
গান-বাজনাৰে চিকিৎসাৰ সূত্রপাত তেতিয়াৰ পৰাই। সৈন্যসকলৰ কষ্ট লাঘৱ হোৱাৰ সময়ৰ পৰাই এদল চিকিৎসা বিজ্ঞানীয়ে সমীক্ষা আৰম্ভ কৰি তাক লিপিবদ্ধ কৰা আৰম্ভ কৰে। দেখা যায়, শৰীৰ আৰু মন— দুয়োৰে কষ্ট কমাবলৈয়েই সুৰৰ উল্লেখযোগ্য ভূমিকা আছে।
বোষ্টনৰ বার্কলে কলেজ অব মিউজিকৰ অধ্যাপক সুজান হেনছাৰে সুৰ-চিকিৎসাৰ সহায়ত শৰীৰ আৰু মনৰ বহু সমস্যা নিয়ন্ত্রণৰ কথা জনাইছে।
• নির্দিষ্ট কিছু সুৰ শুনালে ৰোগীৰ উৎকণ্ঠা, উদ্বেগ কমি মন শান্ত হয়।
• শ্বাস-প্রশ্বাস ক্রমশঃ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে।
• ৰক্তচাপ কমে।
• হৃদপিণ্ডৰ অতিৰিক্ত স্পন্দন কমিবলৈ আৰম্ভ কৰে।
• পেশীৰ কাঠিন্য তথা বিষৰ উপশম হয়।
• মন-মগজুৰ আলস্য ভাব আঁতৰি মন শান্ত হয়।
• মূৰৰ যন্ত্রণা, বুকুত অস্বস্তি কমে।
• ডোপামিন নিঃসৰণ হয় কাৰণে ভাল টোপনি হয়।
• শাৰীৰিক অস্বস্তি আৰু কষ্টৰ বোধ কমি যায়।
• হজমৰ অসুবিধা ও পেটৰ সমস্যা গুচি যায়।
• খং নোহোৱা হৈ মন ভালে থাকে।
• অৱসাদ আৰু অকাৰণত মন বেয়ালগাৰ পৰা ৰেহাই পাব পাৰি।
কিন্তু এটা কথা মনত ৰাখিব লাগিব, মিউজিক থেৰাপি কিন্তু কোনো মেজিক ঔষধ নহয়, ধীৰে ধীৰে কাম কৰে। সুৰ চিকিৎসাই খুব ভাল কাম কৰে শিশু আৰু বয়স্কসকলৰ ওপৰত।
কলকাতাৰ অর্থোপেডিক ছার্জন আৰু মিউজিক থেৰাপিৰ গৱেষক সুমন্ত ঠাকুৰে কয়, দুর্ঘটনাত ভয়ঙ্কৰভাবে আহত ৰোগীৰ কাণত হেডফোন লগাই মৃদু লয়ৰ চেতাৰ, সৰোদসহ লঘু বাদ্য শুনালে প্রাথমিকভাবে তেওঁলোকক স্থিতিশীল অৱস্থালৈ আনি তাৰ পিছত ছার্জাৰি কৰিলে ৰোগীৰ কষ্ট বহুখিন কমে।
দ্রুতভাৱে সুস্থ হৈও উঠে। কিন্তু বিষৰ ঔষধ যে একেবাৰেই নালাগে, সেয়া নহয়। যিকোনো শাৰীৰিক কষ্ট হ’লে মস্তিষ্কৰ এটি বিশেষ অংশ সক্রিয় হৈ উঠে।
সুন্দৰ সুৰ শুনিলে ডোপামিন নামৰ নিউৰোট্রান্সমিটাৰৰ নিঃসৰণ বাঢ়ি গৈ কষ্ট কমোৱাত সহায় কৰে। সুমন্ত ঠাকুৰে লগতে কয়, মিউজিক থেৰাপিৰ সহায়ত ৰাগীৰ নাড়িৰ গতি (পালছ ৰেট), হৃদস্পন্দন, ৰক্তচাপ আৰু শ্বাস-প্রশ্বাসৰ হাৰ বহুখিনিয়েই স্বাভাৱিক ছন্দলৈ ঘূৰি আহে।
কিন্তু এইটোও ঠিক যে, মিউজিক থেৰাপি কোনো স্বয়ংসম্পূর্ণ চিকিৎসা নহয়, সহায়ক চিকিৎসা মাত্র।কোভিড-১৯ সংক্রমণত যিসকলে সপ্তাহ ধৰি হস্পিটেলত বা আইছলেচনত থাকিবলগা হয় তেওঁলোকৰ বাবে ই কার্যকৰী হ’ব বুলি ভাবে চিকিৎসক সুমন্ত ঠাকুৰে।
২০ বছৰৰো অধিক সময় ধৰি তেওঁ অর্থোপেডিক ৰোগীসকলৰ ছার্জাৰিৰ পূৰ্বে আৰু পিছত গান শুনাই বিষ কমাইছে। সেয়ে এই থেৰাপি আইছলেচনত কার্যকৰী হ’ব বুলি তেওঁ ভাবে।
গানে মনঃসংযোগ বৃদ্ধিত সহায় কৰে। পঢ়া-শুনাত অমনোযোগী শিশুসকলৰ ওপৰত সমীক্ষা কৰি দেখা গৈছে, যিসকল অত্যন্ত চঞ্চল তেওঁলোকক সুন্দৰ গান বা বাদ্য শুনালে ছয়-সাত মিনিট পর্যন্ত নিবিষ্ট মনে শুনে।
সমীক্ষাত প্রমাণিত, সৰু বয়সৰ পৰা যিসকলে গান-বাজনা শুনে তেওঁলোকৰ একাগ্রতা তুলনামূলকভাবে বেছি। আনকি যিবোৰ শিশুৱে জন্মৰ সময়ৰ পৰাই গান শুনে, তেওঁলোকে অন্যসকলতকৈ বহু আগতে কথা ক’বলৈ শিকে।
মস্তিষ্কৰ কথা কোৱা অংশক উজ্জীৱিত কৰে সুৰে। গৱেষণাত দেখা গৈছে, ষ্ট্ৰোক আক্রান্ত বয়স্ক মানুহৰ কথা কোৱাৰ ক্ষমতা গুচি গ’লে (এফাছিয়া) ভাল গান শুনালে তেওঁলোকে সহজতে কথা কোৱাৰ ক্ষমতা ঘূৰাই পায়।
শৰীৰ আৰু মন— দুয়োটাই ভালে ৰাখিবলৈ সহায় কৰে সুন্দৰ সুৰে, মেকগিল ইউনিভাৰ্ছিটী অব মন্ট্রিলৰ মনোবিজ্ঞানী ডেনিয়েল জে লেভিটিনে কয়৷ নিউৰোছায়েন্স অব মিউজিকৰ ওপৰত ৪০০টা ষ্টাডি কৰি তেওঁ এক গৱেষণা-পত্র প্রকাশ কৰিছে।
গুৰুতৰভাৱে অসুস্থ কিছু ৰোগীক নিয়ম মতে গান-বাজনা শুনাই দেখা গৈছে যে, কিছুদিনৰ ভিতৰতেই তেওঁলোকৰ শৰীৰৰ ৰোগ প্রতিৰোধক ইমিউনোগ্লোবিউলিনৰ সংখ্যা বহু বৃদ্ধি পাইছে। এই ‘নেচাৰেল কিলাৰ চেল’-এ আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
কোভিড-১৯ৰ পৰা আৰম্ভ কৰি ডেঙ্গি বা মেলেৰিয়াৰ বীজাণুৰ বিৰুদ্ধেও যুঁজ কৰাৰ বাবে প্রস্তুত থাকে আমাৰ শৰীৰ। ইয়াৰ উপৰি ষ্ট্ৰেছ হৰমোন কর্টিছলৰ মাত্রা কমাই দি মনৰ চাপ কমায়। গতিকে, ক’ৰোনা অসুৰক জব্দ কৰিবলৈ সঙ্গী কৰক সুৰক।
সৌজন্য : আনন্দবাজাৰ পত্ৰিকা
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**
OUR MAIL ID: assamtimespost@gmail.com