
নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৪৭৬ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৪৭৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শুক্ৰবাৰৰ দিনটোত ৰাজ্যত ৩৬১৮৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৮৫৬গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৩৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৫০ গৰাকী ডিব্ৰুগড়ৰ, ১৪৩ গৰাকী কাছাৰৰ আৰু ১২১ গৰাকী কামৰূপৰ ৷।আক্ৰান্তৰ হাৰ ৫.১২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮৭৯০৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২২০৮২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৬৫,৫৯৬ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ২২৭ গৰাকীলৈ বৃদ্ধি পালে।












