![]()
নিউজ ডেক্স:
দেশত বৃদ্ধি পাবলৈ ধৰা ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাকলৈ আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰিছে এক গাইডলাইন।
এই গাইডলাইন অনুসৰি, কেৱল ৫জনকৈ লোকেহে ঘৰে ঘৰে গৈ কৰিব পাৰিব নিৰ্বাচনী প্ৰচাৰ। তদুপৰি মনোনয়ন অনলাইনযোগেও কৰিব পাৰিব বুলি উল্লেখ আছে এই গাইডলাইনত। নিৰ্বাচন আয়োগে গাইডলাইনযোগে বান্ধি দিয়া নীতি-নিয়মবোৰ হৈছে
*পুলিং বুথত এটা সময়ত সৰ্বাধিক ১০০০জন ভোটাৰ উপস্থিত থাকিব পাৰিব।
*বুথ চেন্টাৰত প্ৰৱেশ কৰাৰ পূৰ্বে জুখিব লাগিব ভোটাৰৰ শৰীৰৰ তাপমাত্ৰা।
*নিৰ্বাচনী বৈঠক তথা ৰ’ড শ্ব কাৰ্যসূচী ৰূপায়ন কৰিলে মানিব লাগিব সামাজিক দূৰত্ব।
*লগতে মাস্ক, ছেনিটাইজাৰ, গ্ল’বছ, পিপিই কীট আৰু থৰ্মেল স্কেনাৰ আদি ব্যৱহাৰ কৰিব লাগিব নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়চোৱাত।
*তদুপৰি ইভিএম মেচিনৰ কাষত যোৱাৰ পূৰ্বে ভোটাৰে হেণ্ড গ্ল’বছ পৰিধান কৰিব লাগিব।













