![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কাৰবি আংলং আৰক্ষীৰ জালত পৰিল উগ্ৰপন্থী সংগঠন পিডিচিকেৰ এজন লিংকমেন ৷ কালি দুপৰীয়া বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু বোকাজান থানা আৰক্ষীৰ সহযোগত বোকাজান মহকুমাৰ সৰিয়হজান চাৰি আলিৰ পৰা দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিছে পিডিচিকেৰ লিংকমেনটো ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি ধৃত লিংকমেনটো যোৱা জুলাই মাহৰ পৰাই পিডিচিকেৰ সৈতে মোবাইল ফোনেৰে যেগাযোগ ৰক্ষা কৰি আহিছিল ৷ ধৃত লিংকমেনটো ডিফু থানা এলেকাৰ ডিচামা ডক ৰংহাঙ গাঁওৰ নিবাসী ,বৰতমান ঠিকনা ডিফুৰ মাটিপুং গেছ গুদাম মৃত বৰছিং ইংহিৰ পুত্ৰ ৰাজেশ ইংহি (৩৬) বুলি চিনাক্ত কৰা হৈছে ৷
ধৃত লিংকমেনটো ডিফু থানাৰ গোচৰৰ লগত জড়িত বুলি লিংকমেনটোক বোকাজান আৰক্ষীয়ে ডিফু থানালৈ হস্তান্তৰ কৰে ৷ এই সন্দৰ্ভত ভা:দ:বি আইনৰ ধাৰা ১২০ ( খ), ১২১/১২১(ক)/১২২/৩৮৭ ধাৰাত ডিফু থানাত ১৫১/২০২০নম্বৰত এক গোছৰ ৰুজো দি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













