![]()
কামৰুল খানসম্পাদক
২০২১ত অসম বিধানসভাৰ নিৰ্বাচন৷ ক’ৰোনাৰ সংকটকালৰ মাজতো শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা৷ তাৰ মাজতে নিজৰ সুবিধাজনক স্থান বিচাৰি এচামৰ দল বাগৰা ৰাজনীতি৷ ইতিমধ্যে শাসকীয় দল বিজেপিয়ে আৰম্ভ কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব দিব, কাক নিদিব তাৰ জেনেছিছ৷
ইয়াৰ ভিতৰত বৰ্তমানৰ একাংশ বিধায়কৰ বিজেপিত ভৱিষ্যতৰ চাউল কঠা শেষ হোৱাৰো ইংগিত লাভ কৰা গৈছে৷ ফলত স্বজন-তোষণৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক তৈল মৰ্দন কিম্বা বিসম্বাদৰ উকমুকনিও দেখিবলৈ পোৱা গৈছে৷ একেদৰে বিৰোধী তথা জাতীয়তাবাদী শিবিৰতো একে তৎপৰতা৷
আনহাতে, নতুন এচামৰ আকৌ ৰাজনীতিত অভিষেকৰ ধুম উঠিছে৷ তাৰ ভিতৰত বিভিন্ন দল-সংগঠনৰ নেতা, যুৱ নেতা, শিল্পী-সাহিত্যিকে ধৰি ক্ৰীড়া তথা বিনোদন জগতৰ লোকো আছে৷ ইয়াৰে বেছিভাগৰে বিজেপিৰ হাতত ধৰিয়ে ৰাজনীতিৰ পথত খোজ পেলাবলৈও আগ্ৰহ বেছি, বহুতে ইতিমধ্যে নামিও পৰিছে ৰাজনীতিৰ পথাৰত৷
কিন্তু অতি দৃষ্টিকটুভাৱে আৰু সম্ভৱত নজিৰবিহীনভাৱে নিজকে ৰাজনীতিৰ পণ্য কৰিছে একাংশ তথাকথিত শিল্পীয়ে৷ তথাকথিত শিল্পী বুলি এইকাৰণেই কোৱা হৈছে যে প্ৰকৃত শিল্পীৰ কোনো দল নাথাকে, নাথাকে জাত-পাত৷ প্ৰকৃত শিল্পী জনগণৰ দাপোণ, সৰ্বসাধাৰণৰ সাৰ্বজনীনন মঞ্চই তেওঁলোকৰ মঞ্চ, সৰ্বাসাধাৰণৰ হকে কাম কৰাই তেওঁলোকৰ ধৰ্ম৷ অৰ্থাৎ গণ ধৰ্ম৷ প্ৰকৃত শিল্পীয়ে কেতিয়াও নিবিচাৰে কোনো ৰাজনৈতিক আশ্ৰয় কিম্বা স্বীকৃতি৷ ক্ষমতাৰ লোভ তেওঁলোকৰ নাই, জনগণতকৈ ডাঙৰ ক্ষমতা তেওঁলোকৰ বাবে একো হ’ব নোৱাৰে৷
শিল্পী সত্তাই ৰাজনীতিত আশ্ৰয় লোৱা মানেই তেওঁলোক জনগণৰ পৰা আঁতৰি যোৱা৷ ব্যক্তিস্বাৰ্থ কেতিয়াও শিল্পীৰ গুণ হ’ব নোৱাৰে, নোৱাৰে শিল্পী নামৰ স্বীকৃতিও৷ ৰাজনীতি মানেই নিৰ্দিষ্ট দল, নিৰ্দিষ্ট আদৰ্শ, নিৰ্দিষ্ট পৰিসৰ আৰু নিৰ্দিষ্ট লক্ষ্য-উদ্দেশ্য৷ কিন্তু শিল্পীৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সীমা নাই, সীমাৰ মাজত বন্দী হোৱা মানেই শিল্পী সত্তা হেৰুওৱা৷ অসীমত ব্যাপ্ত শিল্পীৰ সংজ্ঞা৷
কিন্তু এতিয়া তেনেকুৱা এচাম শিল্পীয়েই ৰাজনীতিৰ বজাৰত নিজক দৰ-দামত উন্মুক্ত কৰি দিয়াটো দৃষ্টিকটুৱে নহয়, ৰাইজৰ আস্থা-বিশ্বাসতো আঘাত কৰিছে৷ কেৱল সস্তীয়া জনপ্ৰিয়তা, ভাগ-বিলাস আৰু ক্ষমতা লাভৰ আশাত তেওঁলোকে সাধাৰণ ৰাইজক বিশ্বাসঘাটকতা কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে৷ ৰাইজৰ আবেগ-বিবেক-বিশ্বাসক লৈ খেলা কৰিব আৰম্ভ কৰিছে এইচাম মুখাধাৰী শিল্পীয়ে৷ ৰাজপথত আন্দোলনত নামি ৰাইজক আবেগিক কৰি জাতীয়তাবাদৰ ধ্বজাধাৰী একাংশ শিল্পীয়ে গণ আন্দোলক বুমেৰাঙত পৰিণত কৰি প্ৰতিবাদী কণ্ঠ তথা সংগ্ৰামী ৰাইজক ভেঙুচালি কৰাৰ দৰে ধৃষ্টতা কৰিবলৈও সাহস কৰা হৈছে৷
কেৱল ব্যক্তিগত স্বাৰ্থত ৰাইজৰ আবেগক ব্যৱহাৰ কৰি পুনৰ ব্যক্তিগত স্বাৰ্থতে ৰাইজৰ আবেগক লঠিয়াই দিবলৈও কুণ্ঠাবোধ নকৰে এইচাম পাবতগজা শিল্পীয়ে৷ বঁটা-বাহন, ভোগ-বিলাস, ক্ষমতা আৰু সস্তীয়া জনপ্ৰিয়তাৰ বাহিৰে নুবুজে এইচাম শিল্পীয়ে ৰাইজৰ আবেদন, ৰাইজৰ মনৰ ভাব, ৰাইজৰ দুখ-দুৰ্দশা৷ কিন্তু নিজক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থতে আবেগৰ হেন্দোলনি তুলি এইসকল শিল্পী ওলাই আহে ৰাইজৰ মাজলৈ, সমৰ্থন বিচাৰি৷ আশ্বাস দিছিল ৰাইজেও, নয়নৰ মণি হিচাপে আঁকোৱালি লৈছিল৷ কিন্তু স্বাৰ্থ সিদ্ধি, কামো শেষ৷ এয়াই হ’ল এইসকল মুখাপিন্ধা শিল্পীৰ পৰিচয়, প্ৰকৃত শিল্লীসত্তা৷
কিন্তু নীলা শিয়ালৰ ৰাজত্ব কিমান দিন? ৰাইজে ৰজা যেনেকে পাতে, ভাঙেও তেনেকৈ৷ যদি নায়ক সৃষ্টি কৰিব পাৰে, সেই নায়কক খলনায়কলৈ নমাবলৈও বেছি সময় নালাগে৷ কিন্তু শিল্পীৰ নামধাৰী যিসকলে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ৰাইজৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থক পাহৰি যায় তেনে শিল্পীৰ পৰা ভৱিষ্যৎ প্ৰজন্মই কি আশা কৰিব? কাক ল’ব আদৰ্শ হিচাপে? পথভ্ৰষ্ট, দিকভ্ৰষ্ট এচাম নতুন প্ৰজন্মৰ সৃষ্টি হ’ব যাৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাথাকিব৷
ক্ষমতাৰ বাবে যিকোনো কৰিব! একেদৰে ক্ষয় হোৱা সমাজখনে কাৰ পৰা নেতৃত্ব বিচাৰিব? সমাজ পৰিবৰ্তনৰ শ্লোগান কোনে আওৰাব? সমাজ সংস্কাৰৰ ঠিকা (!) লৈ ৰাইজক ৰাজপথলৈ উলিয়াই আনি ৰাজপথতে এৰি থৈ নিজকে সংস্কাৰ (?) কৰি ৰজাঘৰীয়াৰ আৰ্শীষ ল’ব! ৰাইজ আজি বিভ্ৰান্ত, কাক বুজিব কাক বুজাব৷ কাৰ আদৰ্শ সঠিক, কাৰ পথ শুদ্ধ? সময়ে নিশ্চয় এই সকলোৰে উত্তৰ দিব৷ কিন্তু সময়ৰ গতিত যি আঁচোৰ পৰিব সেয়া হয়তো সময়েহে মচিব পাৰিব৷ অন্যথা চিৰদিনলৈ চন্দ্ৰ কলংক হৈ থাকিব!













