![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ২৩৭ সংখ্যক অধিৱেশন আজি সম্পন্ন হৈ যায়। পবিষদৰ উপাধ্যক্ষ ৰীতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত হােৱা উক্ত বাজেট অধিবেশনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।
সেই অনুসৰি, বিভিন্ন শিতানত ব্যয়ৰ বাবে ত্ৰিশ কোটি টকাৰ অতিৰিক্ত বাজেটত অনুমােদন প্রদান কৰা হয়।
আনহাতে, দুয়ােখন পাহাৰীয়া জিলাৰে প্রৱেশ স্থানত পৰস্পৰাগত প্রবেশ তােৰণ স্থাপন কৰাৰ লগতে তােৰণৰ সৈতে কার্বি আংলং জিলা গঠনৰ অন্যতম স্বপ্নদ্রষ্টা চেমচনছিং ইংতি আৰু কার্বি আদৰবাবৰ প্রথমগৰাকী সভাপতি চাৰছিং টেৰণৰ প্রতিমুর্তি স্থাপন কৰা হব বুলি সদনৰ মজিয়াত কার্বি আংলং স্বায়ত্বশাসিত পবিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘােষণা কৰে।













