![]()
স্বাস্থ্য প্ৰতিবেদনঃ
ব্রকলি মানৱ দেহৰ স্বাস্থ্য গুণাগুণৰ বাবে খুবেই বিখ্যাত। ব্রকলিত উচ্চ মাত্রাত নিউট্রিয়েণ্ট আছে। তাৰ উপৰি ইয়াত আছে ভিটামিন চি, ভিটামিন কে, আয়ৰন, পটাছিয়াম। ইয়াৰ উপৰি ই অন্যান্য পাচলিৰ তুলনাত বেছি প্রটিন বহন কৰে।

এই সেউজীয়া পাচলিবিধ কেঁচাইও খাব পাৰি, আৰু ৰান্ধিও খাব পৰা যায়। কেঁচা ব্রকলিত ৯০% পানী, ৭% কাৰ্বহাইড্ৰেট, ৩% প্রটিন আৰু ফেট নাথাকে বুলিবই পাৰি। ব্রকলিত কেলৰি খুব কম পৰিমাণে থাকে।
ইয়াৰ উপৰি ব্রকলিত ফাইবাৰ আৰু শর্কৰা আছে। ফাইবাৰ স্বাস্থ্যৰ বাবে খুব গুৰুত্বপূর্ণ। ই স্বাস্থ্যকৰ ডায়েটৰ এটি গুৰুত্বপূর্ণ অংশ। ইয়াৰ উপৰি ফাইবাৰে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ওজন হ্রাস কৰাত সহায় কৰে।

প্রটিনে আমাৰ স্বাস্থ্য উন্নত কৰি ৰখাত কার্যকৰী ভুমিকা লয়। প্রটিনে আমাৰ দেহৰ ৰক্ষণাবেক্ষণ আৰু আমাৰ দেহৰ বৃদ্ধিত প্রয়োজনীয় ভুমিকা লয়।
ব্রকলিত বহু ধৰণৰ ভিটামিন আৰু মিনাৰেল আছে।
ভিটামিন চি, ই আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাৰ ছাল সঠিক ৰখাত সহায় কৰে।
ভিটামিন কে, ব্রকলিত বহু পৰিমাণে ভিটামিন কে আছে। এই ভিটামিনবিধে আমাৰ ৰক্ত সঞ্চালন আৰু হাঁড় মজবুত কৰাত সহায় কৰে।
পটাছিয়াম, এবিধ প্রয়োজনীয় খনিজ৷ পটাছিয়াম ৰক্তচাপ নিয়ন্ত্রণ আৰু হৃদৰোগ প্রতিৰোধৰ বাবে উপকাৰী।
আয়ৰন, আমাৰ দেহত বহু গুৰুত্বপূর্ণ কাজ কৰে যেনে লোহিত ৰক্তকণিকাত অক্সিজেন পৰিবহণ কৰি থাকে।
ইয়াৰ উপৰি ব্রকলিয়ে কেন্সাৰ প্রতিৰোধত কাম কৰি থাকে, কলেস্টেৰল তলত ৰখাত কাম কৰে আৰু আমাৰ দৃষ্টিশক্তি ঠিকে ৰাখিবলৈ কাম কৰি থাকে।













