![]()
স্বাস্থ্য প্ৰতিবেদন:
সম্প্রতি ফেটি লিভাৰ নামৰ ৰোগ প্ৰায়েই দেখা গৈছে। যি খুবেই মাৰাত্মক। লিভাৰ বা যকৃতৰ কোষসমূহত অতিৰিক্ত চর্বি জমা হোৱাৰ কাৰণতেই এই ৰোগ দেখা দিয়ে। দেশত সাধাৰণ হিচাবে শতকৰা ১৮ৰ পৰা ২০ ভাগ মানুহ এই ৰোগত ভুগিছে। সেয়ে এতিয়াৰ পৰাই এই ৰোগ প্রতিৰোধত সচেতন হ’ব লাগিব।
যদি আপোনাৰ লিভাৰত চর্বি জমা হয়, তেতিয়া তাক দূৰ কৰাৰ আছে কিছু ঘৰুৱা উপায়। ইয়াৰ উপৰি চিকিৎসকৰ পৰামর্শ লোৱা জৰুৰী।
>দৈনিক এঘণ্টামান ঘাম উলিয়াই খোজ কাঢ়িবলৈ চেষ্টা কৰক।
> নিচাজাতীয় দ্রব্য বর্জন কৰিব লাগিব। মদ্যপান ত্যাগ কৰক।
> ফাস্টফুড, কার্বোনেটেড চর্বি বা শর্কৰা সমৃদ্ধ ড্রিংকছ, চকলেট বর্জনীয়।
> দৈনিক শাৰীৰিক পৰিশ্রম আৰু ব্যায়ামে শৰীৰৰ ওজন আৰু লিভাৰৰ চর্বি কমোৱাত সহায় কৰে।
> বর্তমান ফেটি লিভাৰৰ চিকিৎসাই প্রধানত জীৱন যাপন পদ্ধতি পৰিবর্তনৰ ওপৰতেই জোৰ দি থাকে। শৰীৰৰ ওজন কমোৱা, দৈনন্দিন ব্যায়াম আৰু কম কেলৰিযুক্ত আঁহসমৃদ্ধ খাদ্যৰ গ্রহণ জৰুৰী।
>শৰীৰৰ ওজন স্বাভাবিক ৰাখিবলৈ সচেষ্ট হ’ব লাগিব। অতিৰিক্ত ওজন কমাওক। শৰীৰত ৫ৰ পৰা ১০ শতাংশ ওজন কমালে লিভাৰৰ চর্বি আৰু চর্বিজনিত প্রদাহ যথেষ্ট পৰিমাণে কমে আৰু লিভাৰৰ এনজাইমবোৰ স্বাভাবিক হয়। মনত ৰাখিব লাগিব অতি দ্রুত গতিত শৰীৰৰ ওজন কমোৱা ঠিক নহয়।
> সুষম ও কেলৰিযুক্ত আঁহসমৃদ্ধ খাদ্য গ্রহণ কৰক। যেনে সেউজীয়া শাক-পাচলি, ফলমূল, ইত্যাদি। উচ্চ শর্কৰা বা চর্বিসমৃদ্ধ খাদ্য যেনে- ঘি, মাখন, পনিৰ, ৰঙা মাংস, মাছৰ কণী, ডাঙৰ মাছৰ মাথা বর্জনীয়। ইয়াৰ ফলত শৰীৰৰ পৰিপাক সঠিক হয় আৰু ওজন ঠিক ৰখাত সহায়তা কৰে।














