স্বাস্থ্য প্ৰতিবেদনঃ
কিডনি ৰোগীসকলৰ সংক্রমণ বেছি হয়। বেছি হয় জটিলতাও। কাৰণ কিডনিয়ে আমাৰ শৰীৰত চাকনিৰ কাম কৰে। বিভিন্ন শৰীৰবৃত্তীয় কামৰ ফলত ৰক্তত যিবোৰ দূষিত পদার্থ জমা হয়, সেইবোৰ চেকি বাহিৰ কৰি শৰীৰক সুস্থ ৰাখে। শৰীৰত পানী আৰু উপকাৰী লৱণৰ ভাৰসাম্য বজায় ৰখাৰো কাম কৰে।
কোনো কাৰণত কিডনিৰ কার্যকাৰিতা কমি গ’লে দূষিত পদার্থ জমা হৈ থাকে শৰীৰত। পানী জমা হয়। ফলত শৰীৰ ইমানেই অসুস্থ হৈ পৰে যে, ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়। বাঢ়ে সংক্রমণজনিত অসুখ-বিসুখৰ আশঙ্কা। সেয়ে কোভিডৰ এই পৰিস্থিতিত তাৰবাবে বিশেষভাবে সাৱধান থকা দৰকাৰ।
বিপদ আৰু আছে। জটিল কোভিডত কিডনিৰ ক্ষতি হয়। চীন, নিউয়র্ক, ইটালি, ফ্রান্সত সমীক্ষাত দেখা গৈছে যে কোভিডৰ জটিলতা লৈ যিসকল হস্পিটেলত ভর্তি হৈছে, তেওঁলোকৰ ভিতৰত প্রায় ৩০ শতাংশৰ কিডনিৰ ক্ষতি হৈছে।
বিশেষ সাৱধানতা
• ৰোগৰ চিকিৎসাত কোনো ধৰণৰ ঢিলামি নচলিব। চিকিৎসকে যেনেদৰে চলিব কয়, তাক আখৰে আখৰে মানি চলক। কোনো ধৰণে যাতে ৰোগৰ বৃদ্ধি নহয়, সেই দিশত বিশেষ খেয়াল ৰাখিব লাগিব।
• পানী আৰু খাদ্যৰ ক্ষেত্ৰত ডাক্তৰে যি নির্দেশ দিয়ে, তাৰ হীন-ডেঢ়ি নকৰিব। প্রটিন জাতীয় খাদ্যৰ নিষেধাজ্ঞা মানি চলিব।
• নিয়মিত চেক-আপ কৰাব।
• বিষ-বেদনা হ’লে পেৰাচিটামলৰ বাহিৰে অন্য কোনো বিষৰ ঔষধ নাখাব। কাৰণ এইবোৰ ঔষধে শৰীৰত পানী জমাৰ প্রবণতা বঢ়ায়।
• চিকিৎসাৰ প্রয়োজনৰ বাহিৰে ঘৰৰ বাহিৰলৈ নোলাব। ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰিব। যিসকলৰ ডায়েলাইছিছ চলে, তেওঁলোকে ঘৰতো পিন্ধি থাকিব।
• কোভিডৰ পৰা বাচি থকাৰ সাধাৰণ নিয়ম মানি চলক। হাত ধোৱা, সামাজিক দূৰত্ব বজায় ৰখা ইত্যাদি।
• বেছি ঠান্ডা ঘৰত নোশোৱাই ভাল। কাৰণ নিয়মিত ছার্ভিচিং ন’হলে এচিৰ ডাক্টত বীজাণু জমা হয়, দুর্বল প্রতিৰোধ শক্তিৰ মানুহ সোনকালেই তাৰ পৰা আক্রান্ত হ’ব পাৰে।
• জ্বৰ-চর্দি-কাহ হ’লে পৃথক ঘৰত থাকক আৰু চিকিৎসকৰ পৰামর্শ লওক।
নিয়মিত ডায়েলাইছিছ কৰাওক
সময়মতে ডায়েলাইছিছ ন’হলে শৰীৰত দূষিত পদার্থ জমা হৈ সংক্রমণৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতা আৰু কমি যায়। শৰীৰত পানীৰ পৰিমাণ বাঢ়ে। সমগ্ৰ শৰীৰৰ সৈতে ডিঙিৰ শ্লেষ্মাতো জমা হৈ গৈ থাকে। জমা হয় হাওঁফাওঁতো। এই অৱস্থাত কৰোনা সংক্রমণ হ’লে ডাঙৰ বিপদ। সেইবাবে পৰিস্থিতি যিয়েই নহওক কিয়, সপ্তাহত দুই-তিনি দিন, যাৰ যেনেকুৱা প্ৰয়োজন ডায়েলাইছিছ চলাই যাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**
OUR MAIL ID: assamtimespost@gmail.com