
ডিফু : নাগৰিকত্ব সংশোধনী আইন আৰু ই আই এ বাতিল কৰাৰ দাবীত আজি কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ মাজমজিয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিক সমিতিৰ উদ্যোগত হাওৰাঘাট নগৰত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। দুয়োটা ছাত্ৰ সংগঠনৰ ভালেসংখ্যক ছাত্ৰকৰ্মীয়ে হাতে হাতে সংগঠনৰ পতাকা লৈ নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
দিনৰ এঘাৰ বজাৰ পৰা এঘন্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰা প্ৰতিবাদকাৰী সকলে ’আছু আজি জাগিছে জাগিবই’, ’জয় আই অসম’, ’কা আমি নামানো’, ’ইআইএ নামানো নুবুজো’, ’বিজেপিৰ দাদাগিৰি নচলিব’, ’বিজেপি গ’ বেক’, ’বিজেপি হুচিয়াৰ’, ’বিজেপিৰ কাম নাই’, ’বিজেপি চৰকাৰ হায় হায়’, ’ইনক্লাৱ জিন্দাবাদ’ ’অ’হ’’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।












