![]()
নিউজ ডেস্কঃ
মহানগৰীত শনিবাৰৰ দিনটোত য’ত ক’ৰোণাত আক্ৰান্ত লোকৰ সংখ্যা কমিছে তাতেই আকৌ নিতৌ কেইবাগৰাকীকৈ ক’ৰোণা আক্ৰান্ত ৰোগীয়ে হেৰুৱাইছে নিজ প্ৰাণ। পুনৰ আজি ৰাজ্যত ৮ গৰাকীকৈ লোকে হেৰুৱালে প্ৰাণ।
ক’ৰোনাত মৃত্যু হোৱা লোক কেইজন হৈছে ক্ৰমে নলবাৰীৰ পৰা মহান তালুকদাৰ, আজিজুৰ ৰহমান, তিনিচুকীয়াৰ পৰা নাৰায়ণ চন্দ্ৰ ডেকা আৰু দুলু পল, তুৰাব আলি মৰিগাওঁৰ পৰা, নগাঁওৰ পৰা খনিন্দ্ৰ নাথ, ডিব্ৰুগড়ৰ পৰা প্ৰকাশ জৈন।
ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০ জনলৈ পাইছে বৃদ্ধি।













