![]()
নিউজ ডেস্কঃ
আজি পুৱা ১১মান বজাত কাজিৰঙা বন সংমণ্ডলৰ অন্তৰ্গত গাবৰাই চোৰাং চিকাৰবিৰোধী কেম্পৰ অন্তৰ্গত মেটেকা বিলৰ উত্তৰে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ হয়।
গঁড়টো এটা প্ৰাপ্তবয়স্ক মাইকী গঁড় বুলি চিনাক্ত কৰা হৈছে আৰু তাইক গুলীয়াই হত্যা কৰা হৈছে। গঁড়টো উদ্ধাৰ কৰা স্থানৰ পৰা ছয়জাঁই .৩০৩ ৰাইফলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰা হয়। মৃত গঁড়জনীৰ পৰা চোৰাং চিকাৰীয়ে খৰ্গটো কাটি লৈ যায়।
উল্লেখ্য যে শুকুৰবাৰে পুৱা প্ৰায় ৩মান বজাত গাবৰাই, বৰবিল টাৱাৰ আৰু কাঠনিবাৰী কেম্পৰ বনকৰ্মীসকলে ছয়জাঁই গুলী ফুটাৰ শব্দ শুনিছিল।এজন সন্দেহযুক্ত চোৰাং চিকাৰীক বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ পৰা আটক কৰা হৈছে আৰু তদন্ত চলি আছে।
অজন্তা তালুকদাৰৰ সংযোজন:
বছৰটোৰ তিনিটাকৈ বানে বিধ্বস্ত কৰি গ’ল এশিঙীয়া গঁড়কে ধৰি কাজিৰঙাৰ জীৱকুলৰ অৱস্থা। এতিয়া বান পৰিস্থিতি স্বাভাৱিক হোৱাৰ সময়তে কাজিৰঙাত সংঘটিত হৈছে গঁড় হত্যা ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জৰ নদীপৰীয়া গবৰাই বনশিৱিৰ এলেকাত চোৰাংচিকাৰীয়ে এজনী মাইকী গঁড়ৰ হত্যা কৰি খৰ্গ কাটি লৈ যাবলৈ সক্ষম হৈছে ৷
কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জনোৱা মতে শুক্ৰবাৰৰ দিনা বিয়লি কহঁৰা বনাঞ্চলৰ গবৰাই , বৰবিল আৰু কাঠনিবাৰীৰ বন শিৱিৰৰ বনকৰ্মীয়ে ৬ জাঁই গুলীৰ শব্দ শুনিবলৈ পাই অভিযান আৰম্ভ কৰিছিল ৷
নিশা ব্ৰহ্মপুত্ৰৰ পাৰতো চোৰাংচিকাৰীৰ সন্ধানত চলিছিল অভিযান ৷ আজি পুৱা নদীপৰীয়া অঞ্চলত পোৱা চোৰাংচিকাৰীৰ পদ চিহ্ন অনুসৰণ কৰি গবৰাই বনশিৱিৰ এলেকাত খৰ্গ বিহীন মৃত গঁড় জনীৰ মৃতদেহ উদ্ধাৰ কৰে বন কৰ্মীয়ে ৷ ঘটনাস্থলীৰ পৰা বনকৰ্মীয়ে ৩৹৩ ৰাইফলৰ ৬ জাঁই ব্যবহৃত গুলীও উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি চোৰাংচিকাৰীৰ সন্ধানত অভিযান চলাই আছে বনকৰ্মীয়ে ৷
ইফালে ঘটনাৰ সৈতে জড়িত থকা সন্দেহযুক্ত এজন চোৰাংচিকাৰীক বিশ্বনাথ বন সংমণ্ডলৰ বনকৰ্মীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীৰ এইয়া তৃতীয়টো গঁড় হত্যা ৷













