![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫৮৫ গৰাকী। বিগত ২৪ ঘন্টাত ১৫৮৫ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শুকুৰবাৰে অসমত ৫৮৫৩১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২৬৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আক্ৰান্ত সকলৰ ভিতৰৰ ৪৪২জন কামৰূপ মেট্ৰ’, ২৬৫জন কামৰূপ গ্ৰাম্যৰ, ২৫০জন কাছাৰৰ আৰু ১৭২জন নগাঁৱৰ।আক্ৰান্তৰ হাৰ ৪.৫৭ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৪৯৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৬৫৫২গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৩৮৮০৯ গৰাকী।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১৩২ গৰাকীলৈ বৃদ্ধি পালে।













