নিউজ ডেস্ক
অযোধ্যাত বুধবাৰে ৰাম মন্দিৰ নির্মাণৰ বাবে ভূমি পূজা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতৰ স্পৰ্শত সম্পূৰ্ণ নিয়ম-নীতিৰ মাজেৰে সম্পন্ন হ’ল। ক’ৰোনা সঙ্কটৰ বাবে এই অনুষ্ঠানলৈ গণিব পৰা কেইজন বিশিষ্ট অতিথিকহে আমন্ত্রণ জনোৱা হৈছিল৷
ৰাম মন্দিৰ আন্দোলনৰ সৈতে যুক্ত বহু চর্চিত লোকক বয়স আৰু স্বাস্থ্য সমস্যাৰ বাবে আমন্ত্রণ জনোৱা হোৱা নাই আৰু তেওঁলোক ঘৰত বহিয়েই সম্পূৰ্ণ অনুষ্ঠান প্ৰত্যক্ষ কৰে৷ উচ্চতম ন্যায়ালয়ৰ ৰামলালা বিৰাজমানৰ পক্ষৰ আৰু ৰাম মন্দিৰৰ হৈ আইনী যুঁজ দিয়া জ্যেষ্ঠ আইনজীৱী ৯২ বছৰ বয়সীয়া কে পৰাছৰণে নিজৰ ঘৰতে বহি পৰিয়ালৰ সৈতে টিভিত ভূমি পুজাৰ অনুষ্ঠান উপভোগ কৰে৷
বিজেপিৰ ৰাষ্ট্রীয় মহাসচিব বিএল সন্তোষৰ দ্বাৰা টুইটাৰত শ্বেয়াৰ কৰা ফটোত পৰাচৰণক বেচ আবেগপ্রবণ দেখা গৈছিল৷ পৰা চৰণক ৰাম মন্দিৰ নির্মাণৰ বাবে গঠিত শ্রী ৰাম জন্মভূমি তীর্থ ক্ষেত্র ন্যাসত সংস্থাপক সদস্য হিচাপে লোৱা হৈছে৷ তেওঁৰ আবাস আৰু ২০, গ্রেটাৰ কৈলাশ পার্ট ১ৰ ঠিকানাত এই ট্রাষ্টক নথিভুক্ত কৰা হৈছে৷ দীর্ঘ সময় ধৰি ৰামলালা বিৰাজমানৰ আইনজীবী থকা কে পৰাচৰণ বহু সম্মানিত ব্যক্তি আৰু বৰ্তমান পর্যন্ত তেওঁক সম্মানিত কৰা হৈছে৷