নিউজ ডেস্ক:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত বিহাৰ চৰকাৰে দিয়া চিবিআই তদন্তৰ প্ৰস্তাৱ মানি লৈছে কেন্দ্রই। ছুপ্রিম কোর্টত ৰিয়া চক্রৱর্তীয়ে ৰুজু কৰা গোচৰৰ শুনানিৰ সময়ত বুধবাৰে এই কথা জনায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। ইয়াৰ ফলত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তভাৰ কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ হাতলৈ গৈছে বুলিয়েই অনুমান কৰিছে আইন বিশেষজ্ঞসকলে।
ইফালে কেন্দ্রৰ এই সিদ্ধান্তক স্বাগতম জনাইছে বিহাৰ চৰকাৰৰ পক্ষৰ অধিবক্তা মুকুল ৰোহতগীয়ে। কিন্তু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্রৰ সিদ্ধান্ত জনোৱাৰ পূৰ্বে শুনানিত সুশান্তৰ পৰিয়ালৰ পক্ষৰ অধিবক্তা বিকাশ সিঙে অভিযোগ কৰে, মুম্বাই আৰক্ষীয়ে তথ্য-প্রমান নষ্ট কৰি দিছে। বিহাৰ আৰক্ষীক তদন্তত সহযোগিতা কৰা উচিত মুম্বাই আৰক্ষীৰ।
মহাৰাষ্ট্র চৰকাৰৰ পক্ষৰ অধিবক্তা আৰ বসন্তই অৱশ্যে সেই অভিযোগ খাৰিজ কৰি কয়, মুম্বাই আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত। এই ঘটনাত এফআইআৰ গ্রহণ কৰাৰ এক্তিয়াৰেই নাই বিহাৰ আৰক্ষীৰ। তেওঁ লগতে কয়, মুম্বাইত এই পর্যন্ত কোনো এফআইআৰ দাখিল হোৱা নাই। তাৰ উপৰি মুম্বাই আৰক্ষীৰ কামৰ বিচাৰ কৰাৰ কোনো অধিকাৰ নাই বিহাৰ আৰক্ষীৰ।