ষ্টাফ ৰিপ’ৰ্টাৰ:ষ
ডিফু : কাৰ্বি আংলঙ আৰক্ষীয়ে আজি ২০ লাখ টকাতকৈও অধিক মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰি বৃহৎ সফলতা লাভ কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত পুৰনা লাহৰিজান সীমান্ত আৰক্ষী চকীৰ নিয়মীয়া নাকা তালাচীত যোৱা কালি ডিমাপুৰৰ পৰা অসমত প্ৰৱেশ কৰা সময়ত আৰক্ষীয়ে এখন বলেৰ’ পিকআপ গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছখিনি ।
অতি কৌশলগতভাৱে গাড়ীৰ ভিতৰত গোপন চেম্বাৰ নিৰ্মাণ কৰি আনিছিল ড্ৰাগছখিনি । ড্ৰাগছখিনি ডিমাপুৰৰ পৰা অসমৰ ভিন্ন প্ৰান্তত বিক্ৰীৰ উদ্দেশ্যে লৈ অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ড্ৰাগছখিনিৰ সৈতে দুটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। সৰবৰাহকাৰী দুটা ক্ৰমে হোজাইৰ মইনুল হক আৰু আলি হুছেইন। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২০ৰ পৰা ৩০ লাখ টকা ।