ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কালিলৈ ৫ আগষ্ট ৷ বিবাদমান ৰামজনমভূমিত বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মান কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰাৰ পিছত কালিলৈ ৫ আগষ্ট তাৰিখে উক্ত স্থানত ৰাম মন্দিৰৰ শিলান্যাস কৰা হব ৷
এইলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত ৰাম মন্দিৰৰ ঐতিহাসিক শুভ শিলান্যাস কৰিব ৷ এইলৈ সমগ্ৰ দেশত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙতো সতৰ্কতাৰ বাবে আজি ডিফু আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত এক শান্তি সভা অনুষ্ঠিত কৰা হয় ৷
ক’ভিডৰ সম্পূৰ্ণ গাইডলাইন অনুসৰি অনুষ্ঠিত কৰা সভাখনত সীমিত সংখ্যক দল- সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷ বিজেপি, কংগ্ৰেছ, চিপিআই(এম এল) হিলছ পাৰ্টী, এনএছইউ আই, আৰএছএছ, ডিফু মছজিদ কমিটি আৰু এবিভিপিৰ প্ৰতিনিধি সকলে পাহাৰীয়া জিলাখনত এনেধৰণৰ বিষয় সমূহকলৈ কোনোধৰণৰ অপ্ৰিতীকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ নজিৰ নাই বুলি মন্তব্য কৰে ৷
জিলাখনত বিভিন্ন জাতি- জনগোষ্ঠীৰ মাজত ভাতৃত্ব আৰু সম্প্ৰিতী বজাই ৰাখিব বুলি সকলোয়ে মন্তব্য কৰাৰ লগত প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াব বুলি বক্তব্য ৰাখে ৷
নৱ নিযুক্ত জিলা উপায়ুক্ত জয়ধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক দেবজিৎ দেউৰীয়ে কাৰবি আংলঙত কালিৰ শিলান্যাসৰ সময়ত কোনোধৰণৰ অপ্ৰিতীকৰ পৰিস্থিতি উদ্ভৱ নহব বুলি আশাবাদী বুলি কয় ৷ ৰাইজক উৰাবাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান জনায় শীৰ্ষ প্ৰশাসনিক বিষয়া দুগৰাকীয়ে ৷