ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰু বিহাৰৰ বান পৰিস্থিতিৰ বাবে উদ্বিগ্ন ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি৷ কোহলিয়ে বান বিধ্বস্ত মানুহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে৷ কোহলিৰ কাষত থিয় হৈছে ভাৰতীয় ক্রিকেটাৰ কে এল কাহুল, যুজবেন্দ্র চাহাল, শুভমান গিল, ভাৰতীয় মহিলা টি-টোৱেণ্টি দলৰ অধিনায়ক হৰমনপ্রীত কৌরীৰও।
আনহাতে অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ বাবে সহায়ৰ হাত আগবঢ়াইছে টেনিছ সুন্দৰী ছানিয়া মিৰ্জাই৷ ইপিনে এটা ভিডিঅ’ প’ষ্ট কৰি বিৰাটে জনায় যে তেওঁলোক ঐক্যবদ্ধভাৱে অসম আৰু বিহাৰৰ কাষত আছে৷ মানুহৰ কাষত থিয় হোৱাটো ভীষণ প্ৰয়োজন
ইয়াৰ বাবে কি দৰে ধন যোগাৰ কৰিব তাৰকাসকলে? জানিব পৰা মতে নিজৰ কিছু ‘অমূল্য’ সৰঞ্জাম নিলাম কৰিব৷ তাৰ পৰা পোৱা ধন সাহায্য হিচাপে আগবঢ়াব৷ কোহলিয়ে নিজৰ এজোৰ বেট নিলাম কৰিব৷ ঋদ্ধিমান চাহাই নিজৰ চহী কৰা জাৰ্ছী নিলাম কৰিব৷
যিটো বলেৰে হেটট্ৰিক কৰিছিল সেই বলটো বিক্ৰী কৰিব কুলদীপ যাদৱে৷ চাহাল, ৰাহুল প্ৰত্যেকেই তেওঁলোকৰ অভিলেখ গড়া বেট আৰু বল নিলাম কৰিব৷ ধন সংগ্ৰহৰ কাৰণে হৰমনপ্রীত কৌৰে দিছে ১০০ তম টি-২০ৰ জাৰ্ছীটো৷ ২০১৬ চনত ডাবোলছত জয়ী হোৱাৰ বাকেট বিক্ৰী কৰিছে ছানিয়া মিৰ্জাই৷