ডিফু : ইছলাম ধৰ্মাৱলম্বী লোকে ত্যাগৰ উৎসৱ ঈদ উল আজহাৰ অহা ইং ০১-০৮-২০২০ তাৰিখ শনি বাৰে গোটেই দেশৰ লগতে অসমতো উৎযাপন কৰিব। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু’ৰ উপদেষ্টা আজিজুৰ ৰহমান, সভাপতি ৰেজাউল কৰিম সৰকাৰ, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক ক্ৰমে আব্দুৰ ৰহমান বিশ্বাস, ইমতিয়াজ হুছেইন আৰু মোশ্বাৰফ হুছেইন কবিৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
ক’ৰোণা ভাইৰাছৰ ভয়াবহতা তথা চৰকাৰে ঘোষনা কৰা লক ডাউনে মানুহক আৰ্থিক আৰু মানসিক ভাৱে জুৰুলা আৰু দুৰ্বল কৰা সময়ত উৎযাপিত হব লগা ঈদ উল আজহাৰ দৰে ত্যাগৰ উৎসৱে সমাজৰ লোকৰ মনত সাহস, প্ৰেৰণা, মনোবল তথা ভ্ৰাতৃত্ববোধ বৃদ্ধি কৰিব বুলি আমছুৰ নেতৃত্ব আশাবাদী।
ঈদ উল আজহাৰৰ আনন্দোৎসৱে সমাজ তথা দেশৰ পৰা অসূয়া অমঙ্গল দূৰ কৰাৰ কামনা কৰা লগতে সকলো ইছলামধৰ্মী লোকক লক ডাউনৰ প্ৰতিটো নিৰ্দেশনা আখৰে আখৰে পালন কৰি ঈদ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমছুৰ নেতৃত্বই আহ্বান জনায়। কোনো লোকে যাতে লক ডাউনৰ নীতি নিৰ্দেশনাক অমান্য নকৰে তাৰ প্ৰতি সমাজৰ সচেতন নাগৰিক সকলে তীক্ষ্ণ নজৰ ৰাখিব লাগিব।
মছজিদ অথবা ঈদগাহ ময়দানত চৰকাৰী নিয়মানুসৰি ৫/৬ জন লোকেহে সমবেত হৈ ঈদৰ নামাজ পঢ়িব। বাকী সকলোৱে নিজৰ নিজৰ ঘৰত ঈদৰ নামাজ আদায় কৰিব। আনহাতে ঈদৰ দিনা মছজিদ অথবা ঈদগাহ ময়দানৰ সন্মূখত পৰম্পৰাগত ভাবে যি বজাৰ বা দোকান পোহাৰৰ ভিৰ হয় সেয়া এইবাৰৰ ঈদৰ সময়ত হব দিব নালাগে।
মছজিদ অথবা ঈদগাহ পৰিচালনা কমিটিয়ে কঠোৰ হৈ এনে বজাৰ সমুহ যাতে নবহে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা লওক। সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সীমিত ভাবে অনুষ্টুপীয়াকৈ নিজৰ ঘৰতে ঈদ উৎযাপন কৰক।
আনহাতে আমছু’ৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে জনায় যে, কোৰবানী কৰাৰ পিছত পেলনিয়া বস্ত সমুহ মাটিৰ তলত পুতি থবলৈ আহবান জনায়।
বিশেষকৈ কোৰবানী দিয়া জন্তূৰ ছবি সামাজিক মাধ্যমত প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সকলো পক্ষক বিনম্ৰতাৰে অনুৰোধ জনায়।নিজৰ ধৰ্ম পালন কৰিবলৈ যাওতে যাতে আন ধৰ্মৰ মানুহে কষ্ট নাপাই তাৰ প্ৰতি সতৰ্ক দৃষ্ঠি ৰাখিবলৈ সকলোকে আহ্বান জনায়।