ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : হাওৰাঘাটত গ্ৰেপ্তাৰ তিনি জনক

ASSAM TIMES POST by ASSAM TIMES POST
July 31, 2020
Reading Time: 1 min read
A A
0
সামাজিক মাধ্যমত ঘৃণা বিয়পোৱাৰ অভিযোগ : হাওৰাঘাটত গ্ৰেপ্তাৰ তিনি জনক

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

কামৰুল খান:

বৰ্তমান সময়ত সামাজিক মাধ্যমৰ ভূমিকা অপৰিসীম। যিকোনো ঘটনা-পৰিঘটনা নিমিষতে ৰাইজৰ ওচৰ চপা আৰু তাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশৰ ততকালীন মাধ্যম হ’ল ছচিয়েল মিডিয়া বা সামাজিক মাধ্যম।

কিন্তু সামাজিক মাধ্যমসমূহৰ যেনেদৰে সুফল আছে তেনেদৰে কুফলো আছে। বিশেষকৈ এচাম ব্যৱহাৰ কৰিব নজনা আৰু উগ্ৰ ব্যৱহাৰকাৰীৰ বাবে বিভিন্ন সময়ত সামাজিক মাধ্যমসমূহ সমালোচনাৰ সন্মুখীন হৈ আহিছে আৰু ইয়াৰ লগে লগে বিভিন্নজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

বৰ্তমান সময়ত সামাজিক মাধ্যম বুলিলে আটাইতকৈ জনপ্ৰিয় আৰু দ্ৰুতভাৱে মানুহৰ ওচৰ চপা মাধ্যমটোৱে হৈছে ফেচবুক। এই ফেচবুকক এচামে নিজৰ সৃষ্টিশীল মানসিকতাৰ মঞ্চ হিচাপে গ্ৰহণ কৰাৰ বিপৰীতে আন এচামে আকৌ ইয়াৰ জৰিয়তে সামাজিক বিষবাষ্প বিয়পোৱাতো ব্যৱহাৰ কৰি আছে। যাৰ ফলত কেতিয়াবা কেতিয়াবা ফেচবুকৰ সুফলৰ পৰিৱৰ্তে সমাজ তথা দেশৰ অনিষ্ট সাধনো হৈ আছে।

তেনে এক ঘটনাই অলপতে সংঘটিত হ’ল কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত। অঞ্চলটোত সংঘটিত এক হিংসাত্মক ঘটনাৰ প্ৰসংগক কেন্দ্ৰ কৰি একাংশ লোকে ছচিয়েল মিডিয়া যোগে জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অপচেষ্টাৰ লগতে সাতামপুৰুষীয়া ভাতৃত্বৰ এনাজৰীডাল ছিগাৰ বাবে উঠিপৰি লগা পৰিলক্ষিত হৈছে।

social media addicted | ASSAM TIMES POST

ঘটনা অনুসৰি হাওৰাঘাট থানা এলেকাৰ যমুনা কৰৈয়নি গাঁৱৰ যুৱক এজনক একে গাঁৱৰে যুৱতী এজনীক জোকোৱাৰ অভিযোগত গাঁৱৰে একাংশই মৰেল পুলিচৰ ভূমিকাত অৱতীৰ্ণ হৈ অকথ্য অত্যাচাৰ চলায়। কেৱল সিমানতে সীমাবদ্ধ নাথাকি বিচাৰৰ নামত যুৱকজনৰ চুলি কাটি ছচিয়েল মিডিয়াত আপলোড দিয়ে। লাজ-অপমানত বিধ্বস্ত হৈ যুৱকজনে পিছত আত্মহত্যাৰ দৰে চৰম পন্থা অৱলম্বন কৰিবলগা হয় বুলি যুৱকজনৰ পৰিয়ালে অভিযোগ কৰে।

কেৱল সিমানেই নহয়, গাঁৱৰে একাংশই আত্মহত্যাৰ ঘটনা আৰক্ষীক খবৰ নিদিয়াকৈ যুৱকজনৰ মৃতদেহো মনে মনে পুতি থয়। পিছত জিলা আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে এই বিষয়ে জানিব পাৰি দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো পুতি থোৱা স্থানৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইফালে এই অভিযোগ সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিব পাৰি জিলা আৰক্ষী অধীক্ষকক একাংশই সমাজত সামাজিক মাধ্যমযোগে ঘৃণা বিয়পোৱাৰ অপচেষ্টাৰ অভিযোগ তোলে আৰু ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে আহ্বান জনায়।
ইয়াৰ পিছতে আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।

এই সন্দৰ্ভত হাওৰাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৩/৩৪২/৩২৬/৩০৬/৩৪ ধাৰাত ৪০/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তিনিওজনকে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে হাওৰাঘাটৰ যমুনা কৰৈয়নিৰ ,কৃষ্ণ বৰা, ৰুমন লস্কৰ আৰু ৰতন খাকলাৰী বুলি জানিব পৰা গৈছে।

এতিয়া কথাটো হ’ল, বিভিন্ন জাতি-জনজাতি-জনগেষ্ঠী, ভাষা-সম্প্ৰদায়-ধৰ্মৰ অপূৰ্ব মিলনভূমি কাৰ্বি আংলং জিলাত ভাতৃত্ববোধ আৰু মিলাপ্ৰীতি তাহানিৰে পৰা এক নিদৰ্শন হিচাপে পৰিগণিত হৈ আহিছে আৰু বৰ্তমানেও চলি আছে। কিন্তু তাৰ মাজতে এচাম সমাজৰ বিভেদকামী শক্তিয়ে জিলাখনৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজত কেৰোণ লগাই ভাতৃ সংঘাতৰ সৃষ্টি কৰাৰ অপচেষ্টাত লিপ্ত হৈ আহিছে।

সেয়েহে সময় থাকোতেই সচেতন ৰাইজে এই ক্ষেত্ৰত সজাগ-সচেতন হোৱাৰ লগতে এনে বিপথগামী শক্তিক প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিব লাগে বুলি মন্তব্য কৰে। লগতে ভৱিষ্যতে যাতে জিলাখনৰ ক’তো এনেধৰণৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও আহ্বান জনায়। আনহাতে, ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী বিশেষকৈ যুৱ প্ৰজন্মক ইয়াৰ ধনাত্মক দিশসমূহতহে অধিক মনোনিবেশ কৰিবলৈ সচেতন সমাজে আহ্বান জনায়।

ইফালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও সামাজিক মাধ্যমত এনে অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থকাৰ বাবে সকলোকে আহ্বান জনায়। আনহাতে, জিলা আৰক্ষী অধীক্ষকগৰাকীয়েও এই সন্দৰ্ভত ছচিয়েল মিডিয়াত ভৱিষ্যতে কু-মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আৰু আইন হাতত তুলি নল’বলৈ সকলোকে আহ্বান জনাইছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx