জিতেন বৰকটকী:
নগাঁও : আজি নগাঁওত সংঘটিত হল এক মৰ্মান্তিক পথ দূৰ্ঘটনা।দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিলে ককায়েক-ভনীয়েকে।ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা ককায়েক-ভনীয়েক আৰু উভতি নাহিল ঘৰলৈ।
প্ৰাপ্ত খবৰ মতে, ননৈ কুমাৰ গাঁৱৰ পৰা নগাঁও চহৰ অভিমুখে এখন স্কুটী( এ এছ ০২ -৮৮৪৫)ত গৈ থকা পল্লৱ শইকীয়া আৰু পংখী শইকীয়া নামৰ ককায়েক- ভনীয়েকক তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন তীব্ৰ বেগী আইটেন( এ এছ ০১ ই এইচ – ৪০৬৫) গাড়ীয়ে মহতিয়াই নিয়াৰ ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।
দুৰ্ঘটনাত পল্লৱ শইকীয়া নামৰ যুৱক জন থিতাতে নিহত হোৱাৰ বিপৰীতে পংখী শইকীয়া নামৰ কিশোৰী গৰাকী চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। উল্লেখ্য,পল্লৱ শইকীয়া সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ বিপৰীতে ভগ্নী পংখী নৱম শ্ৰেণীৰ ছাত্রী । আনহাতে দুৰ্ঘটনাটোত নিহত ভাতৃ- ভগ্নীদ্বয়ৰ জেঠায়েকৰ ছোৱালী প্ৰণামী বৰা গুৰুতৰ ভাৱে আহত হয় ।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা আইটেন বাহনখন পথৰ কাষত বাগৰি পৰে যদিও বাহনখনৰ আৰোহী কেইজন সামান্য পৰিমাণে আহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাই কাল অমানিশা নমাই আনে ননৈ কুমাৰ গাঁৱৰ পুতুল শইকীয়া আৰু নিমিতা শইকীয়াৰ সংসাৰলৈ।
পিতৃ পুতুল শইকীয়া আৰু মাতৃ নিমিতা শইকীয়াৰ বুকু শুদা কৰি পল্লৱ-পংখীয়ে অকাল মৃত্যুক সাৱতি লোৱাৰ পিছতে কান্দোনৰ ৰোল উঠে ঘৰখনত। পল্লৱ-পংখীৰ ঘৰখনৰ অৱস্থাই বৰ্তমান শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ ননৈ অঞ্চলক। আজি দিনৰ ভাগত সংঘটিত এই দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ মতে আইটেন বাহনখনৰ চালকজনৰ ভুলৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে আইটেনখনে নিজৰ গতি নিয়ন্ত্ৰন কৰিব নোৱাৰি পিছফালৰ পৰা স্কুটীখনক মহতিয়াই নি পথৰ কাষত প্ৰচণ্ড শব্দৰে বাগৰি পৰে। আনহাতে দুৰ্ঘটনাৰ পিচতেই স্থানীয় লোকে পংখী শইকীয়াক জীৱিত অৱস্থাত উদ্ধাৰ কৰে যদিও প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত পংখীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । আনহাতে মূৰত আঘাত পোৱা পল্লৱ শইকীয়া দুৰ্ঘটনাটোত থিতাতে নিহত হয়। এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ নগাঁৱতে শোকাকূল পৰিৱেশে বিৰাজ কৰে।