ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ত কেবিনেটৰ অনুমোদন :

কি আছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত

ASSAM TIMES POST by ASSAM TIMES POST
July 29, 2020
Reading Time: 1 min read
A A
0
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ত কেবিনেটৰ অনুমোদন :

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

আজি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত অনুমোদন জনায় কেন্দ্ৰীয় কেবিনেটে। ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ শীৰ্ষক এই নতুন শিক্ষানীতি কেবিনেটত বিস্তৃতভাৱে উত্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰ আৰু ৰমেশ পোখৰিয়াল নিশাংকে।

২০৩০ চন পৰ্যন্ত কাৰ্যকৰী হ’বলগীয়া নতুন ৰাষ্ট্ৰীয় নীতি শিক্ষানীতি দুয়োগৰাকী মন্ত্ৰীয়ে একেলগে উন্মোচন কৰে। লগতে মানৱ সম্পদ উন্নয়ন সন্ত্ৰণালয়ক এতিয়াৰে পৰা শিক্ষা মন্ত্ৰণালয় হিচাপে নতুন নামকৰণ কৰে।

নতুন শিক্ষানীতি বা NEP বিদ্যালয়সমূহৰ বাবে নতুন পলিচিৰে স্কুল শিক্ষা হিচাপে আৰু কলেজ, বিশ্ববিদ্যালয় তথা অন্যান্য উচ্চ শিক্ষাৰ অনুষ্ঠান সমন্বিতে উচ্চ শিক্ষা হিচাপে আজি মুকলি কৰা হয়।
কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে পূৰ্বতেই জনাইছিল যে এনইপিয়ে শিক্ষা খণ্ডৰ বহু কেইটা পলিচিৰ বিলুপ্তি ঘটাব। তেওঁ লগতে কৈছিল যে নতুন শিক্ষানীতিৰ ফলত যুৱ সমাজে অতি সহজে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব। আজি বিয়লি ৪ বজাত নতুন শিক্ষানীতি ঘোষণা কৰা হয়।

লগে লগে ইতিহাস হৈ গ’ল কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়। এতিয়াৰ পৰা এই মন্ত্রণালয়ৰ নাম হ’ল কেন্দ্রীয় শিক্ষা মন্ত্রণালয়। উল্লেখ্য যে নতুন শিক্ষানীতিৰ খচৰা প্রস্তুতিৰ সময়ত ইছৰোৰ প্রাক্তন প্রধান কে কস্তুৰিৰঙ্গনৰ নেতৃত্বত এদল বিশেষজ্ঞক লৈ এখন কমিটি গঠন কৰিছিল কেন্দ্রই। সেই কমিটিয়েই মন্ত্রণালয়ৰ নাম পৰিবর্তনৰ চুপাৰিশ কৰে। সেই মতে শিক্ষানীতিৰ প্রস্তাৱৰ সৈতেই নাম সলনিৰ বিষয়টিও চুপাৰিশ কৰে মানৱ সম্পদ উন্নয়ন মন্ত্রণালয়ক। বুধবাৰে মন্ত্রীসভাত সেই প্রস্তাৱত ছিল-মোহৰ লগোৱা হয়।

মন্ত্রীসভাৰ অনুমোদনৰ পিছত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী প্রকাশ জাভড়েকাৰে সংবাদ মেলত কয়, ‘‘এইটো অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ, বিগত ৩৪ বছৰে শিক্ষানীতিত কোনো পৰিবর্তন হোৱা নাই। আশাকৰো, দেশবাসী আৰু বিশ্বৰ প্ৰসিদ্ধ শিক্ষাবিদসকলে এই শিক্ষানীতিৰ প্রশংসা কৰিব।’’

দেশত উচ্চশিক্ষাৰ ক্ষেত্রত একাধিক নিয়ন্ত্রক সংস্থা আছে। সেইবোৰক এটা ছাতিৰ তললৈ আনিবলৈ এখন নতুন কমিছন বা পৰিষদ গঠন কৰাৰ কথা কোৱা হৈছে নতুন শিক্ষানীতিতত। ইয়াৰ উপৰি কলেজসমূহক আধিক স্বায়ত্ত শাসনৰ কথা কোৱা হৈছে নতুন নীতিত। কলেজৰ পাৰফৰমেন্সৰ ভিত্তিত এই স্বায়ত্ত শাসন দিয়া হ’ব। ইয়াৰ উপৰি শিক্ষা ক্ষেত্রত তথ্য-প্রযুক্তি ব্যৱহাৰত জোৰ দিয়া হৈছে।

ৰাষ্ট্ৰীয় শিক্ষানীতিত ইয়াৰ পূৰ্বে আঞ্চলিক ভাষাসমূহক লৈ জটিলতা সৃষ্টি হৈছিল। বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহৰ পৰা তীব্র আপত্তি উঠিছিল। বুধবাৰে মন্ত্রণালয়ৰ বিষয়াসকলে জনাইছে, নতুন এই ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰস্তুতৰ পূৰ্বে সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে সবিস্তাৰে পর্যালোচনা কৰা হৈছে।

ভাষাক লৈ জটিলতা আঁতৰাবলৈ তামিলনাডু, অন্ধ্রপ্রদেশ, কেৰালা, তেলেঙ্গানা, কর্ণাটক, ওড়িশাৰ দৰে ৰাজ্যসমূহৰ শিক্ষা সচিবসকলৰ সৈতে আলোচনাত নানা দিশ পৰ্যালোচনা কৰি চোৱা হৈছে। ইয়াৰ উপৰি সকলো মিলাই দেশৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকলৰ পৰা প্রায় দুই লক্ষৰ পৰামর্শ আহিছে। সেইসমূহো বিস্তাৰিতভাৱে পর্যালোচনাৰ পিছতেই প্ৰস্তুত হৈছে শিক্ষানীতিৰ চূড়ান্ত খচৰা।

নতুন শিক্ষা নীতি অনুসৰি-

শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ’ব। সেই ভাষা সমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ’ব।

তাৰে পৰিপ্ৰেক্ষিতত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰেন্সলেশ্যন এণ্ড ইন্টাৰপ্ৰিটেশ্যন গঠন হ’ব। উচ্চ সমাজ বিজ্ঞান, গণিত বা অৰ্থশাস্ত্ৰ বা বাস্তৱ বিজ্ঞান তাত্ত্বিক বিষয় সমূহৰ ভাৰতীয় ভাষাত সঠিক তৰ্জমা আৰু বাখ্যা কৰাৰ উদ্দেশ্যে এই প্ৰতিষ্ঠানৰ গঢ় দিয়া হ’ব।

তদুপৰি তিনি ভাষাৰ ফৰ্মূলাত সংস্কৃত অবিচ্ছেদ্য অংগ হ’ব। আৰু শিক্ষা প্ৰাপ্তিৰ সমল যেনে- কিতাপ, দৃশ্য-শ্ৰাব্য সমল সমূহ ভাৰতীয় ভাষাত উপলব্ধ হ’ব। গতানুগতিক পাঠ্যক্ৰমৰ লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় বিজ্ঞান সন্মত উদ্ভাৱনী মস্তিষ্কৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ’ব।

লগতে পৰম্পৰাগত ভাৰতীয় জ্ঞানক বিভিন্ন পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ’ব। বিভিন্ন পৰ্যায়ৰ শিক্ষা দানত ভাৰতীয় ভাষা, সংগীত, কলা, দৰ্শন আদিক প্ৰাধান্য দিয়া হ’ব। এটা ৪ বছৰীয়া অল ইনক্লুছিভ ইন্টাৰ ডিছপ্লিনেৰী বি. এড ক’ৰ্চ (all inclusive inter disciplinary B. Ed course) আৰম্ভ কৰা হ’ব।

ছাত্ৰী ছাত্ৰ সকলে শ্ৰেণী কোঠাৰ পাঠদানৰ পৰা কিছু দিন বিৰতিলৈ শিক্ষামূলক ভ্ৰমণ কৰিব পাৰিব। দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ’ব। মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটাই প্ৰৱেশ পৰীক্ষা হ’ব। ব’ৰ্ডৰ পৰীক্ষাৰ পদ্ধতিও হ’ব সলনি। অবজেকটিভ (Objective) আৰু ডেছক্ৰিপ্টিভ (Descriptive) দুই ভাগত বিভক্ত হ’ব শিক্ষান্ত পৰীক্ষা সমূহ। তদুপৰি নম্বৰ দিয়া পদ্ধতি বেলেগ হ’ব । ষষ্ঠ শ্ৰেণীৰ পৰাই ক’ডিং ছিষ্টেম (Coding system) কাৰ্যকৰী হ’ব।

ইফালে, স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতিৰ হ’ব । প্ৰথম ৫ বছৰত অন্তৰ্ভুক্ত হ’ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। পিছৰ ৩ বছৰত অন্তৰ্ভুক্ত হ’ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম। শেষৰ চাৰি বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী। উচ্চতৰ মাধ্যমিকৰ চাৰি বছৰত শিক্ষা দান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব। শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিষয় গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব।

ই-লাৰ্ণিঙত গুৰুত্ব দিয়া হ’ব। জিডিপি ৬ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ’ব। বৰ্তমানৰ ব্যয় জিডিপি ৰ ৪.৪৩ শতাংশ। এম.ফিল ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰ পৰা কৰ্তন কৰা হৈছে । স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ’ব । কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব। অৰ্থাৎ মাল্টিপল এগজিট থাকিব।

আনহাতে, পঞ্চম শ্ৰেণী লৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব। নেশ্যনেল লিটেৰেচী মিছনৰ লগতে নেশ্যনেল নিউমেৰাচী মিছনো থাকিব। স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত প্ৰতিজন শিক্ষাৰ্থী যিকোনো এটা কাৰিকৰী শিক্ষাত সিদ্ধহস্ত হ’ব। মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ক শিক্ষা মন্ত্ৰণালয় বুলি নামাকৰণ হ’ব ।

Tags: featured3
Share4Tweet3Send

Related Posts

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

by News Desk
June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

by Staff Reporter
June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

by Staff Reporter
June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

by Staff Reporter
June 4, 2026
50
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

by Staff Reporter
June 3, 2026
50
Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ
National-International

Karnataka new CM I  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শিৱকুমাৰৰ শপত গ্ৰহণ, উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰ

by Staff Reporter
June 3, 2026
50
ADVERTISEMENT
Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু
National-International

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
50
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

Delhi hotel fire : মৰ্মান্তিক ! দিল্লীৰ অগ্নিকাণ্ডত চিকিৎসাৰ বাবে যোৱা এটা পৰিয়ালৰ ৮ জনৰে মৃত্যু

June 4, 2026
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx