
ষ্টাফ ৰিপৰ্টাৰ
ডিফু : মঙলবাৰে নিশা বজাৰ পৰা তিনি ঘণ্টা জোৰা প্ৰৱল বৃষ্টিপাতৰ ফলত ডিফুত ৰে’ল ট্ৰেকৰ ক্ষতি সাধন হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি নিশা হোৱা বৰষুণৰ ফলত ডিফু ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ডেৰ কিল’মিটাৰ নিলগৰ পানবাৰী ৰে’ল লাইনৰ ২২৬/৬ নম্বৰ পিপি পষ্টৰ কাষত ৰে’ল লাইনৰ মাজৰ এটি ক্ষুদ্ৰ পাইপ পৰিবাহী কালভাৰ্টৰ কাষৰ ভূমি স্খলন হৈ ৰেলপথটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷ ৰে’ল পথটোৰ কাষৰ পৰা মাটি খহি পৰাত ৰে’ল পথৰ তলেৰ সুৰংগৰ দৰে সৃষ্টি হ’ব ধৰিছে ৷
অৱশ্যে এই খবৰ লাভ কৰি ৰে’ল পথ নিৰ্মানৰ দায়িত্বত থকা এগৰাকী কৰ্মীয়ে বল্ডাৰ আনি ঠাইডোখৰ মেৰামতি কৰাৰ চেষ্টা চলাইছে ৷ লোক গৰাকীৰ মতে, ৰে’ল পথৰ কাষত অবৈধ বসতি স্থাপন হোৱাৰ বাবে পানী নিষ্কাশনত বাধা প্ৰাপ্ত হোৱাৰ বাবে এনে ঘটনা সংঘটিত হ’বলৈ পাইছে ৷
আনহাতে উক্ত ভূমিস্খনৰ ফলত আজি পুৱা নামনি পুৱা ব্ৰক্ষ্মপুত্ৰ মেইল ৰে’লখন কোনোমতে ৱাকিং ৰেচত উক্ত স্থানেৰে অতিক্ৰম কৰিছে বুলি লোকজনে জনাইছে ৷












